সংবাদ প্ৰহৰীৰ পঞ্চম বর্ষপূর্তি অনুষ্ঠান সম্পন্ন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 8, 2020

সংবাদ প্ৰহৰীৰ পঞ্চম বর্ষপূর্তি অনুষ্ঠান সম্পন্ন

  • ডঃ এছ আই চৌধুৰীলৈ সংবাদ প্ৰহৰী বঁটা—২০২০ প্রদান
  • মােজাম্মিল শিকদাৰৰ ভগ্ন কাঁচ’ আৰু ফৰিদা ইছমিনৰ ‘তুমি দিয়া সেই উপহাৰবােৰ’ শীর্ষক দুটি কাব্যগ্রন্থ উন্মােচন
  • ডিজিটেল মাধ্যম অবিহনে আজিৰ সংবাদ মাধ্যম বিকল— ভাস্কৰজ্যোতি বৰা

গুৱাহাটী : বাতৰি কাকতেই হওক বা ছেটেলাইট চেনেলেই হওক, আজিৰ সংবাদ মাধ্যম ডিজিটেল মাধ্যমৰ ওপৰত নিৰ্ভৰশীল। সেয়ে ডিজিটেল মাধ্যম অবিহনে আজিৰ সংবাদ মাধ্যম বিকল। এই মন্তব্য— আছাম টকচৰ ইনপুট এডিটৰ ভাস্কৰজ্যোতি বৰাৰ।


আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হােৱা ৱেব মিডিয়া সংবাদ প্ৰহৰীৰ পঞ্চম বর্ষপূর্তি অনুষ্ঠানত অতিথি হিচাপে অংশগ্রহণ কৰি বৰাই নিজৰ ভাষণত ডিজিটেল সংবাদ মাধ্যম সন্দৰ্ভত এনেদৰে মন্তব্য কৰাৰ লগতে সাংবাদিকসকলক উদ্দেশ্যি তেওঁ আৰু কয় যে—সাংবাদিক আৰু সংবাদ প্রতিষ্ঠানসমূহে কেৱল ব্যৱসায়ীক ভিত্তিত আগবাঢ়ি যােৱাৰ বিপৰীতে ৰাইজৰ পক্ষত, জাতীয় স্বার্থত কাম কৰিব লাগে।


উল্লেখ্য যে অসমত স্বতন্ত্রভাৱে চলি থকা ৱেব মিডিয়া সংবাদ প্ৰহৰীয়ে ইতিমধ্যে ষষ্ঠ বৰ্ষত ভৰি দিয়ে। তদুপলক্ষে আজি গুৱাহাটী প্ৰেছ ক্লাৱত দিনৰ ১ বজাত পঞ্চম বর্ষপূর্তি অনুষ্ঠানৰ আয়ােজন কৰা হয়। সংবাদ প্ৰহৰীৰ সম্পাদক ছৈয়দ বুলবুল জামানুৰ হকে পৰিচালনা কৰা অনুষ্ঠানটিত বিশিষ্ট শিক্ষাবিদ-সাংবাদিক-সমাজ সেৱক ড° এছ আই চৌধুৰীক ২০২০ বৰ্ষৰ ‘সংবাদ প্ৰহৰী বঁটা প্ৰদান কৰা হয়।


ডেপুটি এডিটৰ চুলতান মাহমুদ মিৰ্ধা, কার্যবাহী সম্পাদক হানিফ আলী আহমেদ, সহযােগী সম্পাদক এন এ কবুল মির্জা, ছালমা বেগমে আঁত ধৰা অনুষ্ঠানত ২০১৮ বৰ্ষৰ সংবাদ প্ৰহৰী বঁটা প্রাপক তথা জ্যেষ্ঠ সাংবাদিক অমল গুপ্ত, ২০১৯ বৰ্ষৰ সংবাদ প্ৰহৰী বঁটা প্রাপক তথা বিশিষ্ট সাংবাদিক সঞ্জীৱ কুমাৰ ফুকন, মাহেকীয়া আলােচনী অসমীয়া সমাহাৰৰ সম্পাদনা উপদেষ্টা আছফিয়া আহমেদ, কবি ৰুকীয়া বেগমেও অতিথি হিচাপে অংশগ্রহণ কৰি ভাষণ প্রদান কৰে।


ইপিনে উক্ত অনুষ্ঠানতেই ছেভ পাব্লিছাৰ্চৰ দ্বাৰা প্ৰকাশ কৰি উলিওৱা কবি মােজাম্মিল শিকদাৰৰ ‘ভগ্ন কাঁচ’ আৰু ফৰিদা ইছমিনৰ ‘তুমি দিয়া সেই উপহাৰবােৰ’ শীর্ষক দুটি কাব্যগ্রন্থ উন্মােচন কৰা হয়। অনুষ্ঠানটিত বিভিন্ন শিতানত অগ্রণী ভূমিকা পালন কৰা কুৰিগৰাকী বিশিষ্ট ব্যক্তিক বিশেষভাৱে সম্বর্ধনা জ্ঞাপন কৰা হয়।

No comments:

Post a Comment

SPONSORED