কৰিঅ’গ্ৰাফাৰ গণেশৰ বিৰুদ্ধে অশ্লীল ভিডিঅ’ চাবলৈ বাধ্য কৰোৱাৰ অভিযোগ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 6, 2020

কৰিঅ’গ্ৰাফাৰ গণেশৰ বিৰুদ্ধে অশ্লীল ভিডিঅ’ চাবলৈ বাধ্য কৰোৱাৰ অভিযোগ

বলিউডত যৌন নিৰ্যাতনৰ অভিযোগ পুৰণি নহয়। ইজনৰ পাছত সিজন কলা-কুশলীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ চলি থকাৰ মাজতে পুনৰ পোহৰলৈ আহিছে আন এক অভিযোগ। এগৰাকী মহিলা সহকাৰী কৰিঅ’গ্ৰাফাৰে বিখ্যাত কৰিঅ’গ্ৰাফাৰ গণেশ আচাৰ্যৰ বিৰুদ্ধে উত্থাপন কৰিছে তেওঁক যৌন নিৰ্যাতন কৰাৰ অভিযোগ। অশ্লীল ভিডিঅ’ চাবলৈ বাধ্য কৰোৱাৰ অভিযোগ তুলি মহিলা সহকাৰী কৰিঅ’গ্ৰাফাৰগৰাকীয়ে মহাৰাষ্ট্ৰৰ আম্বোলী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে।


এক ৰিপৰ্টৰ মতে, গণেশ আচার্যই ভাৰতীয় চলচ্চিত্র আৰু টেলিভিচন কৰিঅ’গ্ৰাফাৰ্ছ এছোছিয়েচনৰ (আইএফটিসিএ) সচিব হোৱাৰ পাছতে প্ৰায়ে মহিলাক তেওঁৰ কাৰ্যালয়লৈ আৰু অনুশীলনথলীলৈ মাতিছিল।ইপিনে মহিলা কৰিঅ’গ্ৰাফাৰগৰাকীয়ে মহিলা আয়োগক জনোৱা মতে আচাৰ্যই তেওঁক বলিউডৰ কামৰ ক্ষেত্ৰত সদায়ে বঞ্চিত কৰি আহিছে আৰু কামৰ বাবদ তেওঁৰ পৰা কমিচন বিচাৰে।ইফালে এই সকলো অভিযোগ নস্যাৎ কৰি বিখ্যাত কৰিঅ’গ্ৰাফাৰ গণেশ আচাৰ্যই তেওঁৰ বিৰুদ্ধে এক ডাঙৰ ষড়যন্ত্ৰ বুলি মন্তব্য কৰিছে।উল্লেখ্য যে ইয়াৰ পূৰ্বেও কৰিঅ’গ্ৰাফাৰ আচাৰ্যৰ বিৰুদ্ধে অভিনেত্ৰী তনুশ্ৰী দত্তই এনেধৰণৰ অভিযোগ তুলিছিল।

No comments:

Post a Comment

SPONSORED