মোনাবাৰী চাহ বাগিচাত গঁড় - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, February 06, 2020

মোনাবাৰী চাহ বাগিচাত গঁড়

 বিশ্বনাথ : বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাত বৃহস্পতিবাৰে পুৱাই প্ৰৱেশ কৰে এটা গঁড়ে। কাজিৰঙাৰ পৰা চাহ বাগিচাখনত প্ৰৱেশ কৰা গঁড়টো এতিয়া আবদ্ধ হৈ পৰিছে জনাঞ্চলত। ইফালে, গঁড়ৰ বিচৰণৰ পাচতেই স্বচক্ষে চোৱাৰ মানসেৰে এতিয়া মোনাবাৰী বাগিচাত বহুলোক উপস্থিত হোৱাৰ লগতে আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ।


উল্লেখ্য যে, গঁড়টো বাগিচাখনৰ পৰা উলিয়াই পঠোৱাৰ বাবে মোনাবাৰী চাহবাগিচাত উপস্থিত হৈছে বন বিভাগৰ লোক। বনবিভাগৰ লোকে খেদি পঠোৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে গঁড়টো ওলাই যোৱা নাই বাগিচাখনৰ পৰা।

No comments:

Post a Comment

SPONSORED