১৯ বছৰ অনূর্ধ্ব বিশ্বকাপ : শাস্তিৰ সন্মুখীন হ’ব পাঁচগৰাকীকৈ খেলুৱৈ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 12, 2020

১৯ বছৰ অনূর্ধ্ব বিশ্বকাপ : শাস্তিৰ সন্মুখীন হ’ব পাঁচগৰাকীকৈ খেলুৱৈ

 দিল্লী : ১৯ বছৰ অনূর্ধ্ব আই চি চি বিশ্বকাপৰ ফাইনেলত ভাৰতক পৰাস্ত কৰাৰ পিছত বাংলাদেশৰ খেলুৱৈসকলে আক্রমণাত্মক আনন্দ উৎসৱত মত্ত হোৱাৰ ঘটনাক গুৰুত্বসহকাৰে লৈছে আন্তঃৰাষ্ট্রীয় ক্রিকেট কাউন্সিলে৷ ক্রিকেটৰ আচৰণবিধি ভংগৰ এনে ঘটনাক আই চি চিয়ে কেতিয়াও সহ্য নকৰে বুলি সকীয়াই দি আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে কালি কয় যে এই ঘটনাৰ সৈতে জড়িত ৫ গৰাকী খেলুৱৈক চিনাক্ত কৰা হৈছে আৰু তেওঁলোকক শাস্তি বিহা হ’ব৷ 


আই চি চিৰ আচৰণ বিধি ভংগৰ অভিযোগ উত্থাপিত এই খেলুৱৈকেইগৰাকী হ’ল বাংলাদেশৰ তৌহিদ হূদয়, ছামিন হুছেইন, ৰকিবুল হাছান আৰু ভাৰতৰ আকাশ সিং, ৰবি বিষ্ণৈ৷মন কৰিবলগীয়া যে ফাইনেলত ভাৰতক পৰাস্ত কৰাৰ পিছতো একাংশ বাংলাদেশী ক্রিকেটাৰে বিভিন্ন আক্রমণাত্মক অংগী–ভংগীৰে ভাৰতীয় ক্রিকেটাৰসকলক প্রৰোচিত কৰিছিল৷ এটা সময়ত দুয়োটা দলৰ খেলুৱৈসকলৰ মাজত সংঘর্ষৰ সূত্রপাত ঘটাৰ উপক্রম হৈছিল যদিও শেষ মুহূর্তত আম্পায়াৰে হস্তক্ষেপ কৰি পৰিস্থিতি শান্ত কৰে৷

No comments:

Post a Comment

SPONSORED