নতুন ৰাজনৈতিক দলঃ NDFB ৰ চাৰিওটা গোটৰ গোপন বৈঠক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

February 12, 2020

নতুন ৰাজনৈতিক দলঃ NDFB ৰ চাৰিওটা গোটৰ গোপন বৈঠক

বিজনী : একত্ৰীকৰণৰ পূৰ্বে চিৰাঙৰ বিজনীৰ বিষ্ণুপুৰত এক গোপন বৈঠকত মিলিত হয় এনডিএফবিৰ চাৰিওটা গোটৰ নেতৃবৰ্গ। চৰ্চিত হৈ থকা নতুন ৰাজনৈতিক দল সন্দৰ্ভতো এই বৈঠকত আলোচনা কৰা হয়। বিটিআৰত যিহেতু দুটাকৈ ৰাজনৈতিক দল আছে তেনেক্ষেত্ৰত আৰু এটা ৰাজনৈতিক দল গঠন সন্দৰ্ভত বৰ্তমানলৈকে সিদ্ধান্ত উপনীত হ’ব পৰা নাই এনডিএফবি নেতৃত্ব।

উল্লেখ্য যে, এই বৈঠকত আগন্তুক বিটিচি নিৰ্বাচনত চৰকাৰ পৰিৱৰ্তন আৰু বিটিআৰৰ সম্প্ৰসাৰণৰ লগতে সকলো জাতি জনগোষ্ঠীৰ সৈতে সমিল-মিলেৰে আগবাঢ়ি যোৱাৰ কথাও আলোচনা কৰা হয়। ইফালে, আজিৰ পৰা হ’ব লগা এবছুৰ অধিৱেশনত বৃহস্পতিবাৰে এনডিএফবিৰ চাৰিওটা গোটৰ নেতৃবৰ্গই অংশগ্ৰহণ কৰিব।

No comments:

Post a Comment

SPONSORED