কৰ’ণা : এক এপ্রিললৈ স্থগিত কা-বিৰোধী আন্দোলন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

March 17, 2020

কৰ’ণা : এক এপ্রিললৈ স্থগিত কা-বিৰোধী আন্দোলন

গুৱাহাটী : কৰ’ণা ভাইৰাছৰ আতংকৰ বাবে এইবাৰ কা-বিৰোধী আন্দোলন সাময়িক-ভাৱে স্থগিত ৰখা হৈছে৷ শিক্ষানুষ্ঠানসমূহত পৰীক্ষা চলি থকাৰ বাবে এই আন্দোলনত সাময়িকভাৱে স্থবিৰতা অহাৰ পাছত কৰ’ণা ভাইৰাছজনিত কাৰণত ৰাজ্যজুৰি যি পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ বাবে আছু আৰু অসম যুৱ-ছাত্র পৰিষদে অহা ১ এপ্রিল পর্যন্ত ৰাজপথৰ আন্দোলন বন্ধ ৰাখিছে৷

১ এপ্রিলত সংগঠন দুটাই পৰৱর্তী আন্দোলনৰ কার্যসূচী ঘোষণা কৰিব৷ আনহাতে এই আন্দোলন সংগঠিতভাৱে আগুৱাই নিবলৈ ৰাজ্যজুৰি সামূহিক সংগ্রামী মঞ্চ গঠন কৰা হ’ব৷ আজি দুয়োটা সংগঠনৰ মাজত অনুষ্ঠিত হোৱা এক আলোচনাৰ পাছত এই ঘোষণা কৰা হয়৷ উজানবজাৰৰ শ্বহীদ ন্যাসত অনুষ্ঠিত আলোচনাত কা-বিৰোধী আন্দোলন ৰাজ্যজুৰি নিৰৱচিছন্নভাৱে আৰু ব্যাপক ৰূপত আগুৱাই নিয়াৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷

দুয়োটা সংগঠনে ৩০টা জনগোষ্ঠীয় সংগঠন, শিল্পী সমাজ আৰু সহযোগী সংগঠনৰ সৈতে আলোচনাত মিলিত হৈ পৰৱর্তী আন্দোলনৰ কার্যসূচী চূড়ান্ত কৰিব৷ মার্চ মাহৰ ভিতৰত এই কাম কৰাৰ পাছত অহা ১ এপ্রিলত পৰৱর্তী কার্যসূচী ঘোষণা কৰাৰ বাবে আজিৰ সভাত সিদ্ধান্ত গ্রহণ কৰা হয়৷ আনহাতে কা- বিৰোধী আন্দোলন সংগঠিতভাৱে আৰু ৰাজ্যজুৰি আগুৱাই নিবলৈ ৰাজ্যৰ প্রান্তে প্রান্তে সামূহিক সংগ্রামী মঞ্চ গঠন কৰাৰ বাবে আজিৰ সভাত আছু আৰু যুৱ-ছাত্র পৰিষদে সিদ্ধান্ত গ্রহণ কৰে৷ আনহাতে অহা ১৯ মার্চত ৰাজ্যৰ প্রতিখন জিলাত আছু আৰু যুৱ-ছাত্র পৰিষদে যৌথ সভা অনুষ্ঠিত কৰিব৷

ইয়াৰ পাছতে ২০ মার্চত গুৱাহাটীত আছু আৰু যুৱ-ছাত্র পৰিষদৰ মাজত বৈঠক অনুষ্ঠিত হ’ব৷ ইফালে অহা ২২ মার্চত সমগ্র ৰাজ্যৰ জিলা স্তৰত সামূহিক সংগ্রামী মঞ্চ গঠন কৰা হ’ব৷ ২৩ মার্চত গুৱাহাটীত এই মঞ্চ গঠন কৰা হ’ব৷ পৰৱর্তী পর্যায়ত ৰাজ্যিক পর্যায়ত সামূহিক সংগ্রামী মঞ্চ গঠন কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হয়৷ আনহাতে আজিৰ বৈঠকতে ত্রাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ সংক্রমণ ৰোধ কৰিবৰ বাবে যুদ্ধকালীনভাৱে আৰু ফলপ্রসূভাৱে ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাজ্য চৰকাৰক আহবান জনায় দুয়োটা সংগঠনে৷ সংগঠন দুটাই প্রতিখন জিলাতে এই ৰোগৰ ভাইৰাছৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিবলৈ আহবান জনায়৷ আনহাতে এই ৰোগ প্রতিৰোধৰ বাবে প্রয়োজনীয় সামগ্রীসমূহ চৰকাৰীভাৱে জিলাই জিলাই বিনামূলীয়াকৈ বিতৰণ কৰিবৰ বাবেও সংগঠন দুটাই দাবী কৰে৷

No comments:

Post a Comment

SPONSORED