'অসমৰ বান সমস্যা কেন্দ্রৰ সমস্যা নহয়' - SANGBAD PRAHARI

Breaking

Responsive Ads Here

March 17, 2020

'অসমৰ বান সমস্যা কেন্দ্রৰ সমস্যা নহয়'

গুৱাহাটী : অসমৰ বান সমস্যা কেন্দ্রৰ সমস্যা নহয়৷ এই কথা আজি সংসদত স্পষ্ট কৰি দিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে৷ ৰাজ্য সভাত অসমৰ বান-খহনীয়া সমস্যাৰ সন্দর্ভত সোধা এটা প্রশ্নৰ উত্তৰ দি কেন্দ্রীয় জলশক্তি বিভাগৰ ৰাজ্য মন্ত্রী ৰতনলাল কাটাৰীয়াই কয় যে বান ব্যৱস্থাপনা হৈছে ৰাজ্যৰ বিষয়৷ বান আৰু খহনীয়া ৰোধ কৰিবৰ বাবে গ্রহণ কৰা আঁচনিসমূহৰ ৰূপায়ণৰ দায়িত্ব ৰাজ্য চৰকাৰৰহে৷ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰে মাথোঁ পৰামর্শ আৰু কাৰিকৰী সহায়-সহযোগিতাৰে সমস্যা সমাধানত অৰিহণা যোগাবহে পাৰে৷

উল্লেখযোগ্য যে কেন্দ্রীয় মন্ত্রীজনে এনেদৰে বান, খহনীয়া সমস্যা সমাধানৰ সমগ্র বিষয়টো ৰাজ্য চৰকাৰলৈ ঠেলি দিয়াৰ পৰাই স্পষ্ট হৈ পৰিছে কেন্দ্রৰ অসম প্রেমৰ প্রকৃত ছবিখন৷ ইফালে কেন্দ্রীয় মন্ত্রীজনে আকৌ প্রতি বছৰে অসমত হোৱা বানত ৰাজ্যখনৰ যে ব্যাপক ক্ষতি হয় সেই কথাও স্বীকাৰ কৰিছে৷ তেওঁৰ মতে, প্রতি বছৰে ধাৰাসাৰ বৰষুণ আৰু বানৰ ফলত অসমৰ লগতে মণিপুৰ আৰু উত্তৰ-পূবৰ আন আন ৰাজ্যসমূহো ক্ষতিৰ সন্মুখীন হৈ আহিছে৷ মন কৰিবলগীয়া যে বান আৰু খহনীয়া সমস্যা অসমৰ এটা জ্বলন্ত সমস্যা হিচাপে বিবেচিত হৈ আহিছে৷ কেন্দ্রীয় চৰকাৰৰ তথ্য মতেই বানপানীৰ বাবে অসমত প্রতি বছৰে গড়ে ৪৮জনৰ মৃত্যু হয়৷ বিনষ্ট হয় ১৮৫.৫৭ কোটি টকাৰ কৃষি সামগ্রীকে ধৰি সা-সম্পত্তি৷ বানত বুৰ যায় অসমৰ প্রায় ৮.১ লাখ হেক্টৰ ভূমি৷

ইয়াৰ ভিতৰত ৪ লাখ হেক্টৰ হৈছে কৃষিভূমি৷ কেৱল কৃষি খণ্ডতে ক্ষতি হয় প্রতি বছৰ প্রায ৪১.০৪ কোটি টকা৷ আনহাতে বানাক্রান্ত লোকৰ সংখ্যা হৈছে বছৰি প্রায ২৬.৪৫ লাখ৷ সংহাৰী বানে প্রতি বছৰে গড়ে ৭২,৮৮৬টা গৃহ ক্ষতি কৰে৷ লগতে বানৰ কবলত পৰি প্রতি বছৰে গড়ে ১০,৮৩১টা পশুৰো মৃত্যু হয়৷ প্রণিধানযোগ্য যে উত্তৰ-পূর্বাঞ্চলৰ জলসম্পদ ব্যৱস্থাপনাক লৈ ২০১৭ চনত কেন্দ্রীয় ড’নাৰ মন্ত্র্যালয়ে নিটি আয়োগৰ উপাধ্যক্ষৰ নেতৃত্বাধীন এখন উচচ পর্যায়ৰ কমিটী গঠন কৰিছিল৷ উক্ত কমিটীখনে উত্তৰ- পূব জল ব্যৱস্থাপনা প্রাধিকৰণ গঠন কৰাৰ পৰামর্শ দিছিল৷ কিন্তু কমিটীয়ে প্রদান কৰা উক্ত পৰামর্শ আজিও কাগজৰ পাততে আবদ্ধ হৈ থাকিল৷ আনহাতে, অসমৰ ৰাইজে বান-খহনীয়া সমস্যাক ৰাষ্ট্রীয় সমস্যা হিচাপে ঘোষণা কৰিবৰ বাবে দীর্ঘদিন ধৰি আন্দোলন কৰি আহিছে৷ কিন্তু এই আন্দোলনক মুঠেই গুৰুত্ব দিয়া নাই কেন্দ্রীয় চৰকাৰে৷ যি কথা আজি সংসদৰ মজিয়াত জলজল-পটপট কৈ ওলাই পৰিছে৷

No comments:

Post a Comment

SPONSORED