বলীউডৰ প্ৰখ্যাত অভিনেতা ইমতিয়াজ খানৰ দেহাৱসান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

March 17, 2020

বলীউডৰ প্ৰখ্যাত অভিনেতা ইমতিয়াজ খানৰ দেহাৱসান

মুম্বাই : সোমবাৰে বলীউডৰ প্ৰখ্যাত অভিনেতা ইমতিয়াজ খানৰ ৭৮ বছৰ বয়সত মৃত্যু হয়। অভিনেতা ইমতিয়াজ খান গব্বৰ ৰূপে খ্যাত আমজাদ খানৰ ভাতৃ আৰু বিখ্যাত ধাৰাবাহিকৰ অভিনেত্ৰী কৃতিকা দেশাইৰ স্বামী আছিল।অভিনেতা ইমতিয়াজ খানে ১৫ অক্টোবৰ ১৯৪২ ত পেচাবৰত জন্মগ্ৰহণ কৰিছিল।

 লগতে তেওঁ বোলছবিজগতৰ সৈতে জড়িত হোৱাৰ পাছতে নিজৰ নাম জকৰিয়ন খানৰ পৰা ইমতিয়াজ খানলৈ সলনি কৰিছিল। উল্লেখ্য যে ‘য়াদো কি বাৰাত’, ‘প্যাৰা দোস্ত’ আৰু ‘নুৰজহা’ৰ দৰে ছবিৰ বাবে ইমতিয়াজ খান জনাজাত আছিল। ইফালে অভিনেতাজনৰ মৃত্যুত বলীউডৰ সকলো অভিনেতা-অভিনেত্ৰীয়ে শোঁক প্ৰকাশ কৰিছে।

No comments:

Post a Comment

SPONSORED