ৰাজ্যসভাৰ তিনিওগৰাকী প্রার্থীৰে মনোনয়ন বৈধ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

March 17, 2020

ৰাজ্যসভাৰ তিনিওগৰাকী প্রার্থীৰে মনোনয়ন বৈধ

গুৱাহাটী : ৰাজ্যসভাৰ অসমৰ তিনিখন আসনৰ বাবে প্রতিদ্বন্দ্বিতা আগবঢ়োৱা তিনিওগৰাকী প্রার্থীৰ ভিতৰত আটাইতকৈ ধনী প্রার্থী ৰূপে চিহ্ণিত হৈছে ভুবনেশ্বৰ কলিতা৷ বিজেপিৰ প্রক্ষেপিত প্রার্থীগৰাকীৰ মুঠ স্থাৱৰ সম্পত্তিৰ পৰিমাণ ১ কোটি ৯৯ লাখ টকা৷ প্রার্থীগৰাকীৰ ৰঙিয়া, গুৱাহাটী আৰু দিল্লীত আছে এটাকৈ বাসগৃহ৷ ইয়াৰ বিপৰীতে সাংবাদিকতাৰে ৰাজনীতিৰ ক্ষেত্রখনত খোজ পেলোৱা অজিত কুমাৰ ভূঞাৰ এটা ৬৫ লাখ টকীয়া বাসগৃহ থকাৰ বিপৰীতে হাতে জমা আছে ৩০ হাজাৰ টকা৷ আনহাতে, কো–অপাৰেটিভ চিটী বেংকত ৭,৯৬,৮১৬ টকা আৰু এইচ ডি এফ চি বেংকত আছে ২,৩০,৬০৮ টকা৷ 
ভূঞাৰ এল আই চি পলিচী আছে ৫ লাখ টকাৰ৷ মুঠ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হ’ল ২৮ লাখ ৩ হাজাৰ টকা৷ আনহাতে, বিশ্বজিৎ দৈমাৰীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হ’ল ৩০ লাখ ৬৩ হাজাৰ ৫৫১ টকা৷ দ্বিতীয়বাৰৰ বাবে ৰাজ্যসভালৈ নির্বাচিত হ’বলৈ আগবঢ়া দৈমাৰীৰ কোকৰাঝাৰ, গুৱাহাটী আৰু দিল্লীত এটাকৈ বাসগৃহ আছে৷ মন কৰিবলগীয়া যে বিজেপি আৰু মিত্রজোঁটৰ প্রার্থী ৰূপে ভুবনেশ্বৰ কলিতা আৰু বিশ্বজিৎ দৈমাৰীয়ে ৰাজ্যসভাৰ বাবে মনোনয়ন দাখিল কৰাৰ বিপৰীতে বিৰোধীৰ উমৈহতীয়া প্রার্থী ৰূপে মনোনয়ন দাখিল কৰিছে অজিত কুমাৰ ভূঞাই৷ সোমবাৰে তিনিওগৰাকী প্রার্থীৰ মনোনয়ন পৰীক্ষাৰ অন্তত বৈধ বুলি ঘোষিত হয়৷ এনে অৱস্থাত তিনিওগৰাকী প্রার্থী ৰাজ্যসভালৈ জয়যুক্ত হোৱাটো নিশ্চিত হৈছে৷ অহা ১৮ মার্চত মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন৷ স্বাভাৱিকতে তিনিওগৰাকী প্রার্থীৰ এজনেও মনোনয়ন প্রত্যাহাৰৰ সম্ভাৱনা নাই৷ কার্যতঃ তিনিওগৰাকী প্রার্থী ৰাজ্যসভাৰ সাংসদ ৰূপে নির্বাচিত হোৱাৰ পথ প্রশস্ত৷ ১৮ মার্চত আনুষ্ঠানিকতাহে বাকী৷ উল্লেখ্য যে ৰাজ্যসভাৰ সাংসদ ৰূপে ইতিপূর্বে চাৰিবাৰকৈ ভুবনেশ্বৰ কলিতা নির্বাচিত হোৱাৰ বিপৰীতে বিশ্বজিৎ দৈমাৰী এবাৰ ৰাজ্যসভাৰ সাংসদ ৰূপে নির্বাচিত হৈছে৷ আনহাতে, বিৰোধীৰ উমৈহতীয়া প্রার্থী ৰূপে প্রথমবাৰৰ বাবে ৰাজ্যসভালৈ যাব সাংবাদিক অজিত ভূঞা ৷

No comments:

Post a Comment

SPONSORED