বড়ো ৰাজনীতিক লৈ শংকিত নেকি হাগ্রামা! - SANGBAD PRAHARI

Breaking

Responsive Ads Here

March 18, 2020

বড়ো ৰাজনীতিক লৈ শংকিত নেকি হাগ্রামা!

গোসাইগাঁও : বি টি এ ডিৰ আসন্ন নির্বাচনক লৈ বড়োভূমিৰ ৰাজনৈতিক দৃশ্যপট সলনি হ’ব নেকি? এনে প্রশ্নক লৈ চর্ চলি থকাৰ মাজতে ৰাজ্যৰ ৰাজনীতিত কিংমেকাৰ হোৱা হাগ্রামা মহিলাৰীয়ে নিজৰ গৃহ সমষ্টি দেৱৰগাঁৱত মনোনয়ন দাখিলৰ পাছতো পুনৰ ঢাপলি মেলে জিলাখনৰে গোসাইগাঁও মহকুমাৰ অন্তর্গত কচুগাঁও সমষ্টিলৈ৷ এনে সন্ধিক্ষণত সকলোকে ভবাই তুলিছে বড়োভূমিৰ ৰাজনীতিক লৈ শংকিত নেকি হাগ্রামা মহিলাৰী৷

ইপিনে আজি কচুগাঁও সমষ্টিৰ হৈ ৰিটার্নিং বিষয়াৰ ওচৰত বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে মনোনয়ন-পত্র দাখিলৰ সময়ত তেওঁক সংগ দিয়ে বিধায়ক ৰবিৰাম নার্ৰী আৰু কার্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্রহ্মই৷ লক্ষণীয় যে মহিলাৰীয়ে পূর্বতে কচুগাঁও সমষ্টিত চিৰাং জিলাৰ পৰা জর্জ বসুমতাৰীক দলীয় প্রার্থিত্ব দিছিল যদিও দলৰ মাজত সমষ্টিৰ বাহিৰৰ প্রার্থীক টিকট দিয়াত যথেষ্ট বিতর্ক হোৱাত আজি খোদ হাগ্রামা মহিলাৰীয়ে কচুগাঁও সমষ্টিতো মনোনয়ন দিয়ে৷

কচুগাঁও সমষ্টিত আজি বি পি এফৰ প্রার্থী হাগ্রামা মহিলাৰীয়ে ইউ পি পি এলৰ প্রার্থী উকিল বসুমতাৰীৰ বিপক্ষে থিয় দি মনোনয়ন দিয়ে৷ মনোনয়ন দাখিলৰ অন্তত বি পি এফৰ প্রধান হাগ্রামা মহিলাৰীয়ে দেৱৰগাঁও আৰু কচুগাঁও দুয়োটা সমষ্টিতে নির্বাচন খেলাৰ লগতে কোনটো এৰিব কোনটো ৰাখিব পাছৰ কথা বুলি দোহাৰি কয়, ‘আমাৰ লগত চেলেঞ্জ কৰা কোনো দল নাই৷’ তেওঁ বি টি চিৰ চীফ আজিও হৈ আছে অনাগত দিনতো হৈ থাকিব বুলি দাবী কৰে৷

আনহাতে নির্বাচনত বি পি এফৰ সৈতে বিজেপি আৰু অগপৰ মিত্রতা অটুট থকা বুলি পুনৰ দাবী কৰে হাগ্রামাই৷ উল্লেখযোগ্য যে গোসাইগাঁৱত আজি কচুগাঁও সমষ্টিৰ পৰা হাগ্রামা মহিলাৰীয়ে মনোনয়ন-পত্র দাখিলৰ লগতে বি পি এফৰ হৈ গুমা সমষ্টিত ৰহিন্দ্র ব্রহ্ম, যমদুৱাৰ সমষ্টিত ৰেওৰেৱা নার্জিহাৰী, শ্রীৰামপুৰ সমষ্টিত আব্দুল খালেক মণ্ডলৰ উপৰি ইউ পি পি এলৰ হৈ কচুগাঁৱত উকিল মুছাহাৰী, দোতমাত যতিৰিন্দ্র ব্রহ্ম, শৰাইবিলত চিলা নার্ৰী, যমদুৱাৰত জিৰন বসুমতাৰীয়ে মনোনয়ন দাখিল কৰে৷ আনহাতে কংগ্রেছৰ দুজন প্রার্থী ক্রমে গুমা সমষ্টিৰ পৰা মমিনুৰ ইছলাম আৰু শ্রীৰামপুৰ সমষ্টিৰ পৰা সজল কুমাৰ সিংঘিয়ে মনোনয়ন দাখিল কৰাত আজি মনোনয়ন দাখিল কৰা প্রার্থী সর্বমুঠ ১১জন হ’ল৷

বি পি এফক প্রত্যাহবান জনাবলৈ সাজু ইউ পি পি এল: গুৱাহাটীৰ ষ্টাফ ৰিপ’র্ৰ: বি টি এ ডিৰ ৰাজনীতিত আধিপত্য বিস্তাৰ কৰি অহা বি পি এফ আৰু অপ্রতিদ্বন্দ্বী নেতা হিচাপে পৰিগণিত হৈ অহা হাগ্রামা মহিলাৰীৰ সন্মুখত এইবাৰ ইউ পি পি এল তথা দলটোৰ নৱ-নির্বাচিত সভাপতি প্রমোদ বড়োৱে প্রত্যাহবানৰ সৃষ্টি কৰিবলৈ সক্ষম হ’বনে? বি টি চিৰ নির্বাচনৰ দিন চমু চাপি অহাত স্বাভাৱিকতেই এই প্রশ্ন উত্থাপন হৈছে৷ পূর্বৰ তুলনাত অধিক আকর্ষণীয় হৈ উঠা বি টি এ ডিৰ নির্বাচনত এইবাৰ শক্তিশালী বিৰোধীৰ উত্থান পৰিলক্ষিত হৈছে৷

সম্পূর্ণ ১৬ বছৰ পাছত বড়ো ৰাজনীতিত নেতৃত্ব সলনিৰ প্রসংগই বাৰুকৈয়ে চর্ লাভ কৰিছে৷ একে সময়তে এই প্রশ্নও উত্থাপন হৈছে যে বি পি পি এফে ভেটি লৰাব নোৱৰা হাগ্রামা মহিলাৰীক উৎখাত কৰিবলৈ ইউ পি পি এল সক্ষম হ’ব নে নাই৷ উল্লেখযোগ্য যে এবছুৰ প্রাক্তন সভাপতি তথা বর্তমানৰ বিধায়ক ৰবিৰাম নার্ৰীয়ে বি পি পি এফৰ নেতৃত্ব লৈ বড়ো ভূমিত বিকল্প ৰাজনৈতিক শক্তিৰ উত্থান ঘটাবলৈ আপ্রাণ চেষ্টা চলাইছিল৷ ৰবিৰাম নার্ৰী আৰু উর্খাও গৌড়া ব্রহ্মই ধাৰাবাহিকভাৱে হাগ্রামা বাহিনীৰ বিৰুদ্ধে পৰিষদীয় নির্বাচনৰ উপৰি বিধানসভা, লোক সভা নির্বাচনতো বি পি পি এফৰ জৰিয়তে প্রত্যাহবান সৃষ্টি কৰিবলৈ চেষ্টা চলাই ব্যর্থ হৈছিল৷ পৰৱর্তী সময়ত ৰবিৰাম নার্ৰীয়ে বি পি এফত যোগদান কৰে৷ বি পি এফৰ টিকটত প্রতিদ্বন্দ্বিতা কৰি ২০১৬ত তেওঁ বিধায়ক নির্বাচিত হৈছে৷

সমাগত পৰিষদীয় নির্বাচনত এবছুৰ আন এগৰাকী প্রাক্তন সভাপতি প্রমোদ বড়োৱে বি টি এ ডিত বি পি এফৰ বিকল্প হিচাপে ইউ পি পি এলক প্রতিষ্ঠা কৰিবলৈ চেষ্টা চলাইছে৷ বি টি এ ডিৰ জনসাধাৰণে বিশেষকৈ বড়োসকলে ইউ পি পি এলক আদৰি ল’ব নে নাই তাক লৈ ৰাজ্যৰ ৰাজনীতিত চলিছে সৰৱ চর্৷ কিয়নো বি টি চিৰ নির্বাচনী ফলে ২০২১ৰ বিধানসভা নির্বাচনতো প্রত্যক্ষ প্রভাৱ পেলাব৷ বিগত লোক সভা নির্বাচনত বি পি এফ আৰু ইউ পি পি এলৰ ভোট বিভাজনে কোকৰাঝাৰত নৱ শৰণীয়াৰ বিজয় নিশ্চিত কৰিছিল৷ বিগত নির্বাচনসমূহত জয়ৰ মুখ নেদেখা ইউ পি পি এলৰ নেতৃবর্গই বড়ো চুক্তিৰ কৃতিত্বক নির্বাচনী ইছু্য হিচাপে লোৱা পৰিলক্ষিত হৈছে৷

কিন্তু চুক্তি স্বাক্ষৰকাৰী একাংশ এন ডি এফ বিৰ নেতাই বি পি এফত যোগ দিয়াত বড়ো চুক্তিৰ কৃতিত্ব এতিয়া উভয় পক্ষই দাবী কৰিবলৈ লৈছে৷ প্রণিধানযোগ্য যে ২০১৫ চনৰ বি টি চিৰ নির্বাচনত বি পি এফে ২০খন, এ আই ইউ ডি এফে ৪খন, বিজেপিয়ে এখন আৰু ১৫খন আসনত নির্দলীয়ই জয়লাভ কৰিছিল৷ সেই সময়ত কংগ্রেছ বি পি এফৰ মিত্র দল হৈও অকলে নির্বাচনত অৱতীর্ণ হৈছিল যদিও এখনো আসনত জয়লাভ কৰা নাছিল৷ তেনেক্ষেত্রত এইবাৰ এককভাৱে নির্বাচনত অৱতীর্ণ হ’বলৈ সিদ্ধান্ত লোৱা বিজেপিৰ সফলতা-বিফলতাও হ’ব লক্ষ্যণীয়৷

বিজেপিয়ে সাংসদ নৱ শৰণীয়া-নেতৃত্বাধীন গণ সুৰক্ষা মঞ্চক প্রতিৰোধ কৰিবলৈ অবড়ো এলেকাত প্রার্থী থিয় কৰোৱাই বি পি এফকহে ৱাক অ’ভাৰ দিব বিচৰা বুলিও ৰাজনৈতিক মহলত চর্ চলিছে৷ বিজেপি-বি পি এফে বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা আগবঢ়াব পাৰে বুলিও চর্চিত হৈছে৷ যিয়েই নহওক, বড়ো ৰাজনীতিত বিকল্প ৰাজনৈতিক শক্তিৰ উত্থানত ইমান দিনে বাধা দিবলৈ সক্ষম হোৱা সুচতুৰ ৰাজনীতিক হাগ্রামা মহিলাৰীয়ে এইবাৰ প্রমোদ বড়ো, উর্খাও গৌড়া ব্রহ্ম, গোবিন্দ বসুমতাৰীকে ধৰি একাংশ বড়ো নেতাৰ সন্মিলিত চেষ্টা প্রতিহত কৰিবলৈ সক্ষম হ’ব নে নাই সেয়া হ’ব লক্ষ্যণীয়৷

শালবাৰীত এজন, মথনগুৰিত তিনিজন প্রার্থীৰ মনোনয়ন দাখিল, বি টি চিৰ ৰাইজে বি পি এফক পাহৰি নাযায়: মন্ত্রী প্রমিলাৰাণী: সৰুপেটা আৰু শালবাৰীৰ নিজা বাতৰি দিওঁতা: বি টি চিৰ নির্বাচনৰ বাবে আজি শালবাৰী সমষ্টিত আৰু মথনগুৰি সমষ্টিত তিনিজনসহ মুঠ চাৰিজন প্রার্থীয়ে শালবাৰী মহকুমাৰ মহকুমাধিপতিৰ কার্যালয়ত পৃথকে পৃথকে মনোনয়ন দাখিল কৰে৷ উল্লেখযোগ্য যে শালবাৰী সমষ্টিৰ বি পি এফৰ মনোনীত প্রার্থী জয় মুছাহাৰীয়ে মনোনয়ন দাখিল কৰাৰ উপৰি মথনগুৰি সমষ্টিত বি পি এফৰ প্রার্থী বেগম আখতাৰা আহমেদ, অবড়ো সুৰক্ষা সমিতিৰ সমর্থিত প্রার্থী গাজিবৰ ৰহমান আৰু নির্দলীয় প্রার্থী মাখন স্বর্গীয়াৰীয়ে নিজৰ নিজৰ কর্মী-সমর্থকক লগত লৈ মনোনয়ন-পত্র দাখিল কৰে৷ বি পি এফৰ প্রার্থীদ্বয় জয় মুছাহাৰী আৰু বেগম আখতাৰা আহমেদৰ মনোনয়ন দাখিল পর্বত অংশগ্রহণ কৰে মন্ত্রী প্রমিলাৰাণী ব্রহ্মই৷ মন্ত্রী ব্রহ্মই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে –‘বি টি চিৰ মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰীৰ নেতৃত্বত বি পি এফে কৰা উন্নয়নৰ কথা বি টি চিবাসীয়ে কেতিয়াও পাহৰি নাযায়৷ এইবাৰৰ নির্বাচনতো বি টি চিৰ ৰাইজে বি পি এফক পাহৰি নাযায়৷ বি টি চি বি পি এফেই দখল কৰিব৷’

ইফালে মথনগুৰি সমষ্টিত বেগম আখতাৰা আহমেদক বি পি এফে প্রার্থীৰূপে প্রক্ষেপ কৰাৰ পাছতে বি পি এফ ত্যাগ কৰে সমষ্টিটোৰ দলীয় এম চি এল এ গৌতম দাসে৷ এম চি এল এ দাসে ইতিমধ্যে বিজেপিত যোগদান কৰি দলটোৰ প্রার্থিত্ব লাভ কৰিছে৷ কাইলৈ তেওঁ বিজেপিৰ প্রার্থীৰূপে মনোনয়ন দাখিল কৰিব৷ লক্ষণীয় যে বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ দখলত থকা সৰভোগ বিধানসভা সমষ্টিৰ এলেকাধীন মথনগুৰি সমষ্টিত বি পি এফৰ প্রার্থিত্বৰ পৰা বঞ্চিত এম চি এল এ গৌতম দাসে বিজেপিৰ প্রার্থীৰূপে প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হোৱাটোৱে অন্য তাৎপর্য বহন কৰিছে৷ তদুপৰি সমষ্টিটোৰ আন এজন প্রাক্তন এম চি এল এ মাখন স্বর্গীয়াৰীয়েও বি পি এফৰ প্রার্থিত্বৰ পৰা বঞ্চিত হৈ আজি সদলবলে নির্দলীয় প্রার্থী ৰূপে মনোনয়ন-পত্র দাখিল কৰে৷

No comments:

Post a Comment

SPONSORED