কৰ’না : অসমৰ পর্যটনৰ ১৫০০ কোটি টকা লোকচান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

March 19, 2020

কৰ’না : অসমৰ পর্যটনৰ ১৫০০ কোটি টকা লোকচান

গুৱাহাটী : কা-বিৰোধী আন্দোলনৰ পাছত কৰ’না আতংকই ৰাজ্যৰ পর্যটন খণ্ডত ব্যাপকভাৱে বিৰূপ প্রভাৱ পেলাইছে৷ পূর্বৰ তুলনাত ৰাজ্যলৈ দেশী-বিদেশী পর্যটকৰ আগমন বৃদ্ধি পোৱাৰ সময়তে চলিত বিত্তীয় বর্ষত কা-বিৰোধী আন্দোলন আৰু শেহতীয়াকৈ কৰ’না মহামাৰীয়ে পর্যটকৰ আগমনত বাধাৰ সৃষ্টি কৰিলে৷ ফলত পর্যটনৰ জৰিয়তে সংগ্রহ কৰা ৰাজহ হ্রাস পালে৷

যোৱা নৱেম্বৰ আৰু ডিচেম্বৰ মাহত কা-বিৰোধী আন্দোলনৰ ফলত ৰাজ্যৰ পর্যটন খণ্ডৰ লোকচান হৈছিল ১২০০ কোটি টকা৷ শেহতীয়াকৈ কৰ’না আতংকৰ বাবে কমেও ২০০-৩০০ কোটি টকা লোকচান হ’ব৷ অর্থাৎ চলিত বিত্তীয় বর্ষত অসমে কা-বিৰোধী আন্দোলন আৰু মহামাৰী কৰ’নাৰ বাবে কমেও ১৫০০ কোটি টকা লোকচানৰ সন্মুখীন হ’ল৷ ৰাজ্যৰ অর্থনৈতিক বিকাশত স্বাভাৱিকতেই এই লোকচানৰ নেতিবাচক প্রভাৱ পৰিব৷

উল্লেখযোগ্য যে অক্টোবৰ মাহৰ পৰা অসমলৈ পর্যটকৰ আগমন বৃদ্ধি পায়৷ অক্টোবৰৰ পৰা ফেব্রুৱাৰী পর্যন্ত অধিকসংখ্যক পর্যটক আহে৷ কিন্তু নৱেম্বৰ-ডিচেম্বৰ মাহত ধাৰাবাহিক কা- বিৰোধী আন্দোলন আৰু হিংসাত্মক ঘটনাই বিৰূপ প্রভাৱ পেলালে আৰু উক্ত দুটা মাহতেই ৬০০ কোটি টকাকৈ মুঠ ১২০০ কোটি টকা অসমে হেৰুৱালে৷ জানুৱাৰী আৰু ফেব্রুৱাৰী মাহত পর্যটকৰ আগমন ঘটিল যদিও শেহতীয়া কৰ’না আতংকৰ বাবে পর্যটন ক্ষেত্রসমূহ বন্ধ কৰি দিয়াত চলিত মাহত কমেও ৩০০ কোটি টকা লোকচান হ’ব৷ অসম ৰাজ্যিক পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই এই সন্দর্ভত জনায় যে বিগত বর্ষৰ তুলনাত এইবাৰ দেশী-বিদেশীৰ আগমন ৫০ শতাংশ বৃদ্ধি পাব বুলি আশা কৰা হৈছিল৷

কিন্তু সেয়া সম্ভৱ নহ’ল কা-বিৰোধী আন্দোলন আৰু শেহতীয়াকৈ কৰ’নাৰ বাবে৷ তথ্য অনুসৰি বিগত দুটা বছৰত কাজিৰঙালৈ অহা বিদেশী পর্যটকৰ সংখ্যা আছিল ক্রমে ৩২,০০০ আৰু ৪৪,০০০৷ চলিত বর্ষত পর্যটন বিভাগে কমেও ৫৫ হাজাৰ বিদেশী পর্যটকৰ আশা কৰিছিল৷ ইফালে অসমত প্রতি বছৰে দেশীয় পর্যটকৰ সংখ্যা ৬০ লাখ৷ এইবাৰ ৭০ লাখ দেশীয় কিম্বা ঘৰুৱা পর্যটকৰ আশা কৰা হৈছিল যদিও দুয়োটা কাৰকে এই আশাত চেঁচাপানী ঢালিলে৷

পর্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই জানিবলৈ দিয়া মতে পর্যটনৰ লগত প্রত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত সকলো ব্যৱসায়তে কা- বিৰোধী আন্দোলন আৰু কৰ’না ভাইৰাছ আতংকই প্রভাৱ পেলাইছে৷ ‘নৱেম্বৰ-ডিচেম্বৰ মাহ হ’ল অসমলৈ পর্যটক অহাৰ ভৰপক সময়৷ সেই সময়তেই কা- বিৰোধী আন্দোলনে গা কৰি উঠিল৷ ফলত পর্যটন খণ্ড ক্ষতিগ্রস্ত হ’ল৷ সম্প্রতি অসম ভ্রমণ কৰা বহু পর্যটক ঘৰমুৱা হ’বলৈ বাধ্য হ’ল৷ বহুতৰে ভ্রমণ আধৰুৱা হ’ল৷’ – এইদৰে কয় জয়ন্ত মল্ল বৰুৱাই৷

ৰাজ্য চৰকাৰে পর্যটন খণ্ডৰ ব্যাপক প্রসাৰ আৰু প্রচাৰৰ উপৰি বলিউড তাৰকাৰ ব্রেণ্ড এম্বেচাডৰ নিযুক্তি দিয়াৰ উপৰি শেহতীয়াকৈ ফিল্মফেয়াৰ অনুষ্ঠানৰ যোগেদিও দেশী-বিদেশী পর্যটকৰ দৃষ্টি আকর্ষণ কৰিছিল৷ কিন্তু বিগত বর্ষৰ তুলনাত পর্যটক আগমনৰ সকলো চেষ্টা চলাইও কা-বিৰোধী আন্দোলন আৰু বিশ্বত্রাস কৰ’নাৰ বাবে থমকি ৰ’বলগীয়া হ’ল৷

No comments:

Post a Comment

SPONSORED