কেতিয়া শেষ হ’ব ক’ৰোনাৰ প্ৰকোপ - ক’লে ৰাষ্ট্ৰপতি ট্ৰাম্পে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, March 18, 2020

কেতিয়া শেষ হ’ব ক’ৰোনাৰ প্ৰকোপ - ক’লে ৰাষ্ট্ৰপতি ট্ৰাম্পে

নিউয়ৰ্ক : বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ প্ৰকোপৰ পৰা জুলাই মাহৰ শেষলৈকে আমেৰিকা যুক্তৰাষ্ট্ৰ ৰক্ষা পৰিব বুলি প্ৰকাশ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে “বিশ্বজুৰী মহামাৰী ৰূপ লোৱা ক’ৰোনা ভাইৰাছে এতিয়ালৈকে সমগ্ৰ বিশ্বজুৰি হাজাৰ হাজাৰ লোকৰ মৃত্যুৰ ঘটাইছে।
 সকলো দেশেই এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ দিনে-নিশাই চেষ্টা চলাই আছে । মোৰ এনে লাগে যে আমেৰিকাই জুলাই মাহৰ শেষলৈকে এই মহামাৰীৰ প্ৰকোপৰ পৰা ৰক্ষা পৰিবলৈ সক্ষম হম।” ইপিনে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে এই ভাইৰাছৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ আমেৰিকান জনসাধাৰণক সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ইয়াৰ পূৰ্বে ক’ৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ টেষ্ট কৰাইছিল।

No comments:

Post a Comment

SPONSORED