বৰপেটা : দক্ষিণ বৰপেটাৰ শিক্ষা আৰু বাণিজ্য নগৰী পালহাজীত শনিবাৰে পালহাজী প্ৰেছ ক্লাবৰ উদ্যোগত আৰু শাখা সাহিত্য সন্মিলনীৰ সহযোগত কৰ’না ভাইৰাছ পৰা পৰিত্ৰাণ পাবলৈ সজাগতা পদযাত্ৰা আৰম্ভ কৰা হয়৷ দিনৰ ২-৩০ বজাৰ পৰা সন্ধিয়া ৬-০০ বজালৈ এই যাত্ৰা চলি থাকে৷
পালহাজী হাফিজীয়া মাদ্ৰাছাৰ সন্মুখৰ পৰা মূল পথেৰে বজাৰৰ পশ্চিমৰ কলেজ চ’কলৈ, বজাৰৰ ভিতৰৰ গলি সমূহৰ উপৰিও পঞ্চায়ত অফিচ, সমবায় অফিচৰ কাষেৰে কৰ’না ভাইৰাচৰ পৰা ৰক্ষা পাবলৈ কি কি সতৰ্কতা অৱলম্বন কৰিব লাগে সেইবোৰ বিতং বাবে বৰ্ণনা কৰা হয় ৷ লগতে অহা ২২মাৰ্চত মাননীয় প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মতে জনতা কাৰ্ফিউ মানি চলি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে প্ৰতিজন দেশৰ নাগৰিকে ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখিবলৈ আহ্বান জনোৱা হয়৷ জিলা প্ৰশাসনৰ নিৰ্দেশ ১৪৪ ধাৰা মানি চলিবলৈকে সকলোকে অনুৰোধ কৰা হয়৷
সজাগতা সমদলৰ আগভাগ লয় পালহাজী প্ৰেছ ক্লাবৰ সভাপতি তথা বৰপেটা জিলা সাহিত্য সন্মিলনী সভাপতি সেখ ৰহমত উল্লাহ, উপ-সভাপতি নুৰমহম্মদ আলী, জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক কাজি নাজিমুল হ’ক,শাখা সাহিত্য সন্মিলনীৰ সম্পাদক ৰফিকুল ইছলাম,প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক ছবুৰ উদ্দিন, সদস্য ময়নুল হ’ক আৰু ভালেখিনি কৰ্মকৰ্তাই৷ পদযাত্ৰাৰ যোগেদি ৰাইজক সজাগ কৰাৰ লগতে গাঁৱেভূঞে বিনামূলীয়াকৈ চেনিটাইজাৰ চাবোন আৰু মাস্ক যোগান ধৰিবলৈ অনুৰোধ জনোৱা হয়৷
No comments:
Post a Comment