সুখবৰ : ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব ১০ লাখ টকালৈকে বিশেষ সুবিধা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

March 22, 2020

সুখবৰ : ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব ১০ লাখ টকালৈকে বিশেষ সুবিধা

গুৱাহাটী : শিশু বিকাশ যোজনা নামৰ এক প্ৰকল্পৰ জৰিয়তে দেশৰ শিশুসকলৰ বাবে A3N IT Service নামৰ প্রতিষ্ঠানটোৱে কঢ়িয়াই আনিছে এক সুখবৰ। শিক্ষা, স্বাস্থ্য আদিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা এই প্রকল্পটোৰ জৰিয়তে ৫ বছৰৰ পৰা ১৬ বছৰ বয়সৰ ল'ৰা-ছোৱালীক প্ৰদান কৰা হ'ব ২ৰ পৰা ১০ লাখ টকাৰ সুবিধা। অসমত এই প্রকল্পৰ দায়িত্ব লাভ কৰা EI Infotech Pvt. Ltd. নামৰ প্রতিষ্ঠানটোৱে জানিবলৈ দিয়া মতে, অসমৰ প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব এই সুবিধা। 


প্রকল্পৰ নিয়মানুসৰি মাত্র ১৯৯ টকাৰ মাচুল আদায় কৰাৰ বিনিময়ত ছাত্র-ছাত্রীসকলে তলত উল্লেখ কৰা ধৰণে লাভ কৰিব সুবিধা৷

সুবিধাসমূহঃ
জীৱন বীমা- ২.৫ লাখ টকা
স্বাস্থ্য বীমা- ২.৫ লাখ টকা
উচ্চ শিক্ষাৰ জলপানি- ৫ লাখ টকা

একেদৰে ছাত্ৰীসকলৰপ্রতি আৰু অধিক গুৰুত্ব আৰোপ কৰি প্ৰকল্পটোৱে হাতত লোৱা আঁচনিবোৰ হ’ল—
(নাম ভৰ্তিৰ বাবে)
ষষ্ঠ শ্রেণী- ৩ হাজাৰ টকা
অষ্টম শ্ৰেণী- ৫ হাজাৰ টকা
দশম শ্ৰেণী- ৭ হাজাৰ টকা
দ্বাদশ শ্রেণী- ৮ হাজাৰ টকা
ইয়াৰোপৰি ছাত্রীগৰাকীয়ে ২১ বছৰ বয়সত স্ব-নিয়োজনৰ বাবে লাভ কৰিব ২ লাখ টকা।

এই সন্দৰ্ভত অধিক জানিবৰ বাবে ৬০০৩৪৪১২৩৮ নম্বৰত ফোনকৰাৰ লগতে www.shisuvikashyojana.org ৱেবছাইটত লগইন কৰিবলৈ প্রতিষ্ঠানটোৱে আহ্বান জনাইছে।

No comments:

Post a Comment

SPONSORED