বৰপেটাৰোডৰ গ্ল’বেল ইনষ্টিটিউটৰ বাৰ্ষিক অধিৱেশন সম্পন্ন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, March 05, 2020

বৰপেটাৰোডৰ গ্ল’বেল ইনষ্টিটিউটৰ বাৰ্ষিক অধিৱেশন সম্পন্ন

সু-শিক্ষাইহে সমাজৰ ব্যাধি আতৰাব পাৰে : বুলবুল জামানুৰ

বৰপেটাৰোড : শিক্ষানুষ্ঠান এটা মাথো ছাত্ৰ-ছাত্ৰীক শিক্ষিত কৰি তোলাৰেই মন্দিৰ নহয়, প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক মানুহ হিচাপে গঢ় দিয়াৰহে মূল মন্দিৰ একো একোটা শিক্ষানুষ্ঠান৷ সেয়ে সুস্থ সমাজ গঢ়াৰ আদিপাঠ শিক্ষানুষ্ঠানৰ পৰাই আৰম্ভ হয়৷ সময় বাগৰাৰ সমান্তৰালকৈ মানুহ শিক্ষিত হলেও সমাজৰ পৰা আজিও অন্ধবিশ্বাৰ, বাল্যবিবাহ আদি কু-সংস্কাৰমূলক সামাজিক ব্যাধিসমূহ ৰোধ হোৱা নাই৷ এনে সামাজিক ব্যাধি মাত্ৰ সু-শিক্ষাই আতৰাব পাৰে৷ এই মন্তব্য— সাংবাদিক ছৈয়দ বুলবুল জামানুৰ হকৰ৷ বৰপেটাৰোডস্থিত গ্ল’বেল ইনষ্টিটিউটৰ তৃতীয় বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত অতিথি হিচাপে অংশ গ্ৰহণ কৰি নিজৰ ভাষণত বুলবুল জামানুৰে এনেদৰে মন্তব্য আগবঢ়োৱাৰ লগতে সফল আৰু সাৰ্থক সন্দৰ্ভতো এক বিশ্লেষণ আগবঢ়ায়৷


উল্লেখ্য যে কালিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাণিজ্যনগৰী বৰপেটাৰোডস্থিত গ্ল’বেল ইনষ্টিটিউটৰ তৃতীয় বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী সভা আজি সামৰণি পৰে৷ উক্ত অনুষ্ঠানৰ আজিৰ অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগতে গছপুলি ৰোপন, সংগীত প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতাৰ পিছতে বিয়লি ৪ বজাৰ পৰা অধ্যক্ষ হিতাংশু মোহন প্ৰামানিকৰ পৌৰহিত্যত মূখ্য কাৰ্যসূচী মুকলি আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়৷ পৰিচালন সঞ্চালক আছৰব আলীয়ে আঁত ধৰা অনুষ্ঠানটিত নৱমিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আব্দুল খালেক, সাংবাদিক ছৈয়দ বুলবুল জামানুৰ হক, উপদেষ্ঠা ডাঃ মুখলেছুৰ ৰহমান, সভাপতি এছাহাক আলী আহমেদকে ধৰি ভালেকেইগৰাকী ব্যক্তিয়ে উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷ সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হোৱা সাংস্কৃতিক সমাৰোহ কাৰ্যসূচীত গুৱাহাটীৰ পৰা আমন্ত্ৰিত উদীয়মান কণ্ঠশিল্পী শ্বাহৰুখ আহমেদৰ গীত-মাতৰ অনুষ্ঠানে সকলোকে আপ্লুত কৰি তোলে৷

No comments:

Post a Comment

SPONSORED