ৰাজ্যৰ ভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

March 8, 2020

ৰাজ্যৰ ভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন

ব্যুৰ’ সংবাদ : নাৰী মমতাময়ী, নাৰী কৰুণাময়ী, আদৰ্শ, দয়া, মমতা, সহনশীলতা, ধৈৰ্য, ত্যাগ আদি বিভিন্ন গুণৰ অধিকাৰী। নাৰীক সৃষ্টিৰ মূল চালিকা শক্তি হিচাপে গণ্য কৰা হয়। নাৰী অবিহনে পৃথিৱীত এখন সফল সমাজ গঢ় দিব নোৱাৰি। সমাজ সংস্কাৰৰ ক্ষেত্রত মহিলাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।সমাজৰ পৰা যুৱ উশৃংখলতা,নাৰী নিৰ্যাতন ,ব্যভিচাৰ আঁতৰ কৰি শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ যোগেদি সমাজত এক সুস্থ বাতাবৰণ গঢ়ি তুলিবলৈ সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি দেওবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়৷


ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু আভিযোগ আয়োগৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন : ৪৫ গৰাকী লোকক সন্মান প্ৰদান
গুৱাহাটী : সমগ্ৰ বিশ্বৰ লগতে সংগতি ৰাখি গুৱাহাটী মহানগৰীৰ হোটেল ৰিভেৰাত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু আভিযোগ আয়োগৰ উদ্যোগত দিনযোৰা কাৰ্যক্ৰমণিকাৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়৷ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ডঃ এছ. আই. চোধুৰীৰ পৰিচালনাত আৰু সাংবাদিক প্ৰাণজিৎ দাসে আঁত ধৰা অনুষ্ঠানটোত চাৰিগৰাকী মহিলাক আন্তঃৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানকে ধৰি বিভিন্ন শিতানত অগ্ৰণী ভূমিকা পালন কৰা ৩০ গৰাকী লোকক বঁটা প্ৰদান আৰু ১৫ গৰাকী মহিলাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰনালয়ৰ অতিৰিক্ত সচিব ডঃ মৃদুল কুমাৰ মহন্ত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ বিদুলা শৰ্মাই এই বঁটাসমূহ প্ৰদান কৰে৷


জাতীয় মহিলা সেনাৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন
জাতীয় মহিলা সেনা দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত ছয়গাঁও আঞ্চলিক সমিতিৰ সহযোগত নাৰী দিৱস উপলক্ষে আয়োজন কৰা হয় আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস৷ এই অনুষ্ঠানত নাৰী শক্তি অসমৰ সভানেত্রী গুৱাহাটীৰ জু- ৰোডৰ নম্ৰতা শৰ্মাক আদৰ্শ নাৰী সন্মানেৰে সন্মানিত কৰে।আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠানত পুৱা ৫ বজাত মহিলা তথা ছোৱালীৰ মাৰাথান দৌৰ আৰু ১০ বজাত দিহানামৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে।উল্লেখযোগ্য যে ,এই অনুষ্ঠানত বহুকেইগৰাকী সমাজৰ বিভিন্ন ক্ষেত্রত জড়িত ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।


বৰপেটাৰোডত ছেভ ওমেন এণ্ড ছাইল্ড কেয়াৰৰ উদ্যাগত আন্তঃৰাষ্ট্ৰীয় নাৰীয় দিৱস পালন
বৰপেটাৰোড: সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি ছেভ ওমেন এণ্ড ছাইল্ড কেয়াৰৰ উদ্যোগত আজি বৰপেটাৰোড আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়৷ নাৰীসকলক সৱলীকৰণ কৰাৰ অৰ্থে সজাগতা সৃষ্টি কৰিবলৈ আয়োজন কৰা এই অনুষ্ঠানত শিক্ষয়িত্ৰী দিলুৱাৰা ভূঞা আৰু সমাজ সেৱক ফৰমান চোধুৰীয়ে অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে৷ ছেভ ওমেন এণ্ড ছাইল্ড কেয়াৰৰ সঞ্চালক ছানিৱাৰা পাৰবিনে আঁত ধৰা অনুষ্ঠানটিত অঞ্চলটিৰ ভালে সংখ্যক লোকে নাৰীয়ে অংশগ্ৰহণ কৰে৷


হাউলীত মিলনজ্যোতি ওমেন ডেভেলপমেন্ট অৰ্গেনাইজেশ্যনৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
হাউলী,: নেহৰু যুৱ কেন্দ্ৰ, বৰপেটাৰ সৌজন্যত আৰু মিলনজ্যোতি ওমেন ডেভেলপমেন্ট অৰ্গেনাইজেশ্যনৰ উদ্যোগত হাউলীত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়৷ বেটী বচাওঁক বেটী পঢ়াওক, বাল্যবিবাহ বন্ধ কৰা, মাদক দ্ৰব্য বন্ধ কৰা ইত্যাদি প্ৰসঙ্গ লৈ আয়োজন কৰা এই অনুষ্ঠানত মিলনজ্যোতি ওমেন ডেভেলপমেন্ট অৰ্গেনাইজেশ্যনৰ সম্পাদিকা মেহেৰা খাতুন, সভানেত্ৰী জহুৰা বেগম আৰু বয়োজেষ্ঠ মহিলা ফিৰোজা বেগমে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে৷ ভালেকেইটি আত্মসহায়ক গোট আৰু স্থানীয় ৰাইজৰ উপস্থিতিত আয়োজন কৰা এই অনুষ্ঠানৰ পূৰ্বে হাউলী ঠাৰুৰবাৰীস্থিত মিলনজ্যোতি ওমেন ডেভেলপমেন্ট অৰ্গেনাইজেশ্যনৰ কাৰ্যালয় প্ৰাংগণৰ পৰা হাউলী জুনিয়ৰ কলেজলৈ এক শৃংখল সমদল উলিওৱা হয়৷


কলগাছিয়ায়াৰ চেনিমাৰীত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন
কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ লাংলা আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আজি কালগাছিয়াৰ চেনিমাৰীত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰে৷ বৰপেটা জিলা কৃষক মুক্তিৰ উপ-সভাপতি আব্দুল হালিম সৰকাৰৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম, বৰপেটা চাইল্ডলাইনৰ জিলা সমন্বয়ক ৰফিকুল ইছলাম, লাংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আনোৱাৰ হুছেইন আদিকে ধৰি ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। সভাত নাৰী শিক্ষাৰ গুৰুত্বৰ লগতে বাল্যবিবাহ, যৌতুক প্ৰথাৰ বিৰুদ্ধে সমাজত সজাগতা সৃষ্টিৰ বাবে কাম কৰাৰ সংকল্প গ্ৰহণ কৰে৷ "বেটি বাছাও বেটি পঢ়াও" শ্লোগান দিয়া চৰকাৰৰ দিনত দেশ তথা ৰাজ্যত নাৰীজনিত হিংসা আৰু অপৰাধ বৃদ্ধি পাইছে বুলি সমালোচনা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামৰ৷ লিংগভিত্তিক সকলো বৈষম্য আৰু নিৰ্যাতন বন্ধ কৰাৰ বাবেও চৰকাৰক আহ্বান জনায় ছাত্ৰ নেতাগৰাকীয়ে৷ সাংসদত ৩৩% মহিলাৰ আসন সংৰক্ষণৰ কথা কৈ বিজেপি-কংগ্ৰেছে কেৱল প্ৰতাৰণাৰ ৰাজনীতি কৰি আহিছে বুলিও অভিযোগ উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি গৰাকীয়ে। সাংসদত ৩৩% মহিলাৰ আসন সংৰক্ষণৰ বাবে আইন প্ৰণয়ন আৰু কাৰ্যকৰী কৰাৰ বাবেও চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি গৰাকীয়ে।

লখিমপুৰ জিলাৰ বঙালমৰা টানিশা জন কল্যাণ কেন্দ্ৰত উদযাপন বিশ্ব নাৰী দিৱস
বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ বঙালমৰা টানিশা জন কল্যাণ কেন্দ্ৰত উদযাপন কৰে বিশ্ব নাৰী দিৱস। নাৰীক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত এই কেন্দ্ৰই যথেষ্ট সহায় কৰি আহিছে। ইতিমধ্যে প্ৰায় এহেজাৰ মহিলাক প্ৰশিক্ষণ দি কৰ্মত নিয়োগ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান ৫০জনে প্ৰশিক্ষণ লৈ আছে। উক্ত কেন্দ্ৰত উচ্চ শিক্ষিত মহিলাই প্ৰশিক্ষণ লৈ আছে। কেন্দ্ৰৰ পৰিচালক প্ৰাক্তন পাভ জিলা পৰিষদ সদস্য ববিতা বেগমৰ সু নেতৃত্বত চলি আছে এই কেন্দ্ৰ।

No comments:

Post a Comment

SPONSORED