কুৰি মানেই মহামাৰী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 14, 2020

কুৰি মানেই মহামাৰী

ৱেব সংবাদ : বিগত তিনিটা শতিকাৰ ইতিহাসে কয়- কুৰি মানেই মহামাৰী৷ মহামাৰীৰ সন্ত্ৰাসত ত্ৰস্তমান হয় সমগ্ৰ বিশ্ব৷ফলত এতিয়া চৰ্চিত এই কুৰি অংকটো৷ কাৰণ ১৭২০, ১৮২০ আৰু ১৯২০ চনতো মহামাৰীয়ে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰি গৈছে বিশ্বৰ বহু দেশত।
প্ৰতি এশ বছৰৰ অন্তত মহামাৰীৰ অনুৰূপ ঘটনা সংঘটিত হৈ আহিছে বিশ্বত ২০২০ চনটোও কোনো দিশেই ব্যতিক্ৰম নহল৷ ২০২০ চনটো ইতিহাসৰ বুকুত লিপিবদ্ধ হৈ ৰব কোৰোণা ভাইৰাছৰ মহামাৰীৰ বাবে।



১৭২০ চনৰ প্লেগ :
১৭২০ চনত ফ্ৰান্সৰ মাৰছিলি নামৰ চহৰখনত দেখা দিয়া বুবনিক প্লেগ নামৰ মাৰাত্মক ৰোগবিধে মহামাৰীৰ ৰূপ লৈছিল। এই ৰোগত মৃত্যু হৈছিল প্ৰায় ১ লাখ লোকৰ। মাৰছিলি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত সংহাৰ চলাইছিল এই মহামাৰীয়ে।

১৮২০ চনৰ কলেৰা মহামাৰী :
১৮১৭ চনত ভাৰতত আৱিৰ্ভাব ঘটা কলেৰা মহামাৰীয়ে ১৮২০ চনত থাইলেণ্ড, ইণ্ডোনেছিয়া আৰু ফিলিপাইনছত প্ৰৱেশ কৰি চলোৱা তাণ্ডৱে সমগ্ৰ বিশ্বকে সচকিত কৰি তুলিছিল। অতি কম সময়ৰ ভিতৰতে মৃত্যু হৈছিল ১ লাখতকৈ অধিক লোকৰ। ইয়াৰ পিছতে এই ৰোগ বিয়পি পৰিছিল চীন আৰু জাপানলৈ। এছিয়াৰ পৰিধি পাৰ কৰি বাণিজ্যিক জাহাজৰ জৰিয়তে ওমান, ইউৰোপ, ৰাছিয়ালৈকে এই মহামাৰীয়ে গ্ৰাস কৰিছিল। প্ৰায় ছবছৰ ধৰি চলোৱা সংহাৰলীলাৰ পিছত ১৮২৩–২৪ চনত এই ৰোগ নিয়ন্ত্ৰণলৈ আহে।



১৯২০ চনৰ স্পেনিছ ফ্লু মহামাৰী :
১৯১৮ চনত আৱিৰ্ভাব ঘটা স্পেনিছ ফ্লু নামৰ অতিকৈ মাৰাত্মক ইনফ্লুৱেঞ্জা ৰোগবিধে মহামাৰীৰ ৰূপ ধাৰণ কৰি ১৯২০ চনৰ ডিচেম্বৰ পৰ্যন্ত সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰে৷ সমগ্ৰ বিশ্বতে এই মহামাৰীত ৫ৰ পৰা ১০ কোটি লোকৰ মৃত্যু হৈছিল বুলি ধাৰণা কৰা হয়। আৰু এই ৰোগত সেই সময়ৰ বিশ্বৰ জনসংখ্যাৰ প্ৰায় ২৭ শতাংশ লোক আক্ৰান্ত হৈছিল।

১৯২০ চনৰ ক’ভিড ১৯ :
শেহতীয়াকৈ সমগ্ৰ বিশ্বকে জোকাৰি গৈছে ক’ভিড ১৯ নামৰ কোৰোণা ভাইৰাছে৷ এই সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ বিশ্বৰ প্ৰতিটো দেশতে অব্যাহত আছে লকডাউন৷ এই ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন সময়ত ঔষধ প্ৰস্তুত হোৱা বুলি বাতৰি পোৱা যায় যদিও প্ৰকৃতাৰ্থত এই ভাইৰাছৰ পৰা ৰক্ষা পোৱাৰ বাবে এতিয়ালৈকে প্ৰস্তুত হৈ উঠা নাই কোনো নিৰ্দিষ্ট ঔষধ৷ ফলত এই সংক্ৰমণে ভৱিষ্যতে কেনে ৰূপ লয় সেয়া লক্ষণীয় হ’ব।

পিছে ১৭২০ চনৰ পৰা ২০২০ চনলৈকে প্ৰতি এশ বছৰৰ অন্তৰত সংঘটিত হৈ অহা এই মহামাৰীৰ সংহাৰ এক কাকতলীয়া সংযোগ নেকি তাৰ উত্তৰ বিছাৰি পাবলৈ টান।

No comments:

Post a Comment

SPONSORED