হাই মাদ্ৰাছাৰ শীৰ্ষত জিলিকিল বৰপেটাৰ ইয়ামিন আলী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, June 06, 2020

হাই মাদ্ৰাছাৰ শীৰ্ষত জিলিকিল বৰপেটাৰ ইয়ামিন আলী

মুঠ পৰীক্ষাৰ্থীৰ ভিতৰত ৭১২গৰাকীয়ে প্ৰথম বিভাগ, ২৬৩৯গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ২৬০০ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।


গুৱাহাটী : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগে লগে ঘোষিত হ’ল অসম হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলো। এইবাৰ হাই মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৯৩৪৭গৰাকী শিক্ষাৰ্থী। ইয়াৰ ভিতৰত উত্তীৰ্ণ হয় ৫৯৫১গৰাকী। উত্তীৰ্ণৰ হাৰ ৬৩.৬৭ শতাংশ। হাই মাদ্ৰাছাৰ শীৰ্ষত জিলিকিল বৰপেটাৰ ধাকুৱা হাই মাদ্ৰাছাৰ ইয়ামিন আলী। ইয়ামিন আলীয়ে লাভ কৰিছে মুঠ ৫৫৮ নম্বৰ। দ্বিতীয় স্থান লাভ কৰিছে কামৰূপ গ্ৰাম্য জিলাৰ এছ এ বি হাই মাদ্ৰাছাৰ আপছানা য়াছমিনে। তেওঁ লাভ কৰিছে মুঠ ৫৫২ নম্বৰ। আৰু হাই মাদ্ৰাছাত তৃতীয় স্থান দখল কৰিছে কোকৰাঝাৰ জিলাৰ নৱজ্যোতি হাই মাদ্ৰাছাৰ ৰছিদুল আলীয়ে।

হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল অনুসৰি, মুঠ পৰীক্ষাৰ্থীৰ ভিতৰত ৭১২গৰাকীয়ে প্ৰথম বিভাগ, ২৬৩৯গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ২৬০০ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে। হাই মাদ্ৰাছাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৬৫.২৫ শতাংশৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬২.৬২ শতাংশ।

No comments:

Post a Comment

SPONSORED