নিজৰ শিক্ষা বিভাগৰ ব্যৰ্থতা অকপটে স্বীকাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 21, 2020

নিজৰ শিক্ষা বিভাগৰ ব্যৰ্থতা অকপটে স্বীকাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷

@ ছৈয়দ বুলবুল জামানুৰ হক 

মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা৷ পি এইচ ডি ডিগ্ৰীধাৰী এই মন্ত্ৰীগৰাকী ৰাজ্যখনৰ অন্যতম প্ৰভাৱশালী মন্ত্ৰী৷ সেয়ে নিজকে ৰাজ্যখনৰ ২ নম্বৰৰ মন্ত্ৰী বুলিও দাবী কৰে৷ অৱশ্যে হয়ও৷ কোনেও নুই কৰিব নোৱাৰে৷ কেতিয়াবা আকৌ এইগৰাকী মন্ত্ৰীয়েই মুখ্য মন্ত্ৰী বুলি চৰ্চা লাভ কৰে৷ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে নিজৰ শিক্ষা বিভাগৰ ব্যৰ্থতা সাংবাদিকৰ আগত অকপটে স্বীকাৰ কৰিলে৷ মন্ত্ৰী-বিষয়াসকলৰ বাবেই যে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ অৱস্থা শোচনীয় হৈছে সেয়া আওপকীয়াকৈ স্বীকাৰ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷



১৮ জুনৰ জাগীৰোডত উপস্থিত হৈ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ মাচুল সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়- ভাল অভিভাৱকসকল নোযোৱাৰ বাবেই চৰকাৰী শিক্ষানুষ্ঠানসমূহ বেয়া হৈছে৷
এতিয়া প্ৰশ্ন হয়- কোন ভাল অভিভাৱক? আজিও যিসকলে অভিভাৱকে নিজৰ ল’ৰা ছোৱালীক চৰকাৰী শিক্ষানুষ্ঠানত পঢ়ুৱাই আছে সেইসকল বেয়া অভিভাৱক নেকি? নে যিসকলে কেৱল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নিজৰ ল’ৰা ছোৱালীক পঢ়ুৱাইছে তেওঁলোকেই ভাল অভিভাৱক৷ সাধাৰণতে দুবেলা-দুমুঠি কোনোমতে অন্ন যোগাৰ কৰি হলেও নিজৰ ল’ৰা ছোৱালীক চৰকাৰী বিদ্যালয়ত পঢ়ুৱাই সপোন দেখা অভিভাৱকসকল বেয়া নহয়৷ সেইসকল অভিভাৱকে নিজৰ ল’ৰা ছোৱালীক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ুৱাব পৰাটো বৰ কষ্টকৰ৷ সেয়ে হয়তো তেনে অভিভাৱকেই চৰকাৰী বিদ্যালয়সমূহ জীয়াই ৰাখিছে৷
পিছে মন্ত্ৰী ডাঙৰীয়া আপুনি ব্যক্তিগত খণ্ডৰ বিৰুদ্ধে একো কৰিব নোৱাৰে বা ক’ব নোৱাৰে৷ কাৰণ আপুনি বা আপোনাৰ দৰে মন্ত্ৰী-বিষয়াসকলেই জীয়াই ৰাখিছে এনে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ৷ সকলোধৰণৰ সাৰ পানী যোগান ধৰিও আহিছে৷ কিন্তু কেনেকৈ? সম্প্ৰতি মন্ত্ৰী-বিধায়ক, চৰকাৰী বিষয়া-কৰ্মচাৰীৰ সন্তানে চৰকাৰী বিদ্যালয়ত পাঠ গ্ৰহণ কৰি পাইছেনে? আপুনি এগৰাকী শিক্ষামন্ত্ৰী৷ আপোনাৰো দুটিকৈ সন্তান আছে৷ আপোনাৰ সন্তানে চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজন আঁচনিৰ দাইল-ভাত নতুবা খিচিৰি খাই পাইছে নে? কেৱল সেয়াই নহয়, বহুত এনে শিক্ষক আছে, যিসকলে নিজে শিক্ষকতা কৰা বিদ্যালয়তো নিজৰ সন্তানক নপঢুৱাই৷ কিন্তু পঢ়ুৱাব কিয়? ৰাজ্যখনৰ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ তুলনাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ আন্তঃগাথনিৰ পৰা আৰম্ভ কৰি সকলো দিশতেই উন্নত৷ একেদৰে শিক্ষাৰ ক্ষেত্ৰতো প্ৰয়োজনীয় শিক্ষকেই পাঠদান কৰাত শিক্ষাৰ মানদণ্ডও উন্নত৷ তাৰো কাৰণ আছে৷ ব্যক্তিগত খণ্ডৰ বিদ্যাসয়সমূহ সম্প্ৰতি সম্পূৰ্ণ ব্যৱসায় ভিত্তিত গঢ় লৈছে৷ সেয়ে এনে বিদ্যালয়ৰ আন্তঃগাথনি আৰু ফলাফল যিমান ভাল হব, শিক্ষাক লৈ ব্যৱসায় কৰাটো সিমানেই সহজ৷ মাচুল যিমানেই নহওক কিয়, আপোনালোকৰ দৰে মন্ত্ৰী, বিধায়ক, চৰকাৰী-বিষয়া-কৰ্মচাৰী আছেই নহয়৷
এতিয়া উল্লেখ কৰিছো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে কেনেদৰে দেখুৱাই ভাল ফলাফল৷ ৰমক-ঝমক ব্যৱসায়ৰ স্বাৰ্থত আন্তঃগাথনি উন্নত কৰাৰ সমান্তৰালকৈ ভাল ফলাফল দেখুৱাব পৰাকৈ প্ৰতিযোগিতামূলক মনোভাৱেৰে শিক্ষাদান কৰিব পৰা প্ৰতিটো অঞ্চলৰ নিৱনুৱা যুৱক-যুৱতীসকলে এনে ব্যক্তিগত খণ্ডৰ বিদ্যাসয়ত শিক্ষাদান কৰে৷ যিসকল যুৱক-যুৱতীৰ হাজাৰ অৰ্হতা-দক্ষতা থকাৰ পিছতো উৎকোচ নোহোৱাকৈ আপোনাৰ বিভাগত নাই তেওলোকৰ বাবে কোনো চাকৰি৷ যাৰ পৰিণতিত অধিক মাচুল লৈ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান, কোচিং চেণ্টাৰ আদিয়ে গা কৰি উঠিছে আৰু যাৰ ফল ভোগ কৰিছে মধ্য-নিম্নবিত্ত শ্ৰেণীৰ লোকে৷
২০১৮ চনত প্ৰকাশিত এক প্ৰতিবেদনৰ তথ্য অনুসৰি - অসমৰ প্ৰাথমিক বিদ্যালয়সমূহত খালী হৈ আছে ২০,১০৫ টা শিক্ষকৰ পদ৷ ৰাজ্যৰ বহুসংখ্যক প্ৰাথমিক বিদ্যালয় এজনীয়া শিক্ষকেৰে চলি আছে৷ অসমত প্ৰাথমিক খণ্ডত অনুমোদিত শিক্ষকৰ পদৰ সংখ্যা হৈছে মুঠ ২,০৪,৬০৭ টা। ইয়াৰে ৰাজ্য চৰকাৰৰ অধীনত ১,৫৮,৯২১টা পদ থকাৰ বিপৰীতে সৰ্বশিক্ষাৰ অধীনত থকা পদৰ সংখ্যা হ’ল ৪৫,৬৮৬ টা। কিন্তু বৰ্তমান ৰাজ্যখনত কৰ্মৰত শিক্ষকৰ সংখ্যা হৈছে ১,৮৪,৫০২জন। সম্প্ৰতি ৰাজ্য চৰকাৰৰ অধীনত থকা ৬,৮৮৮ টা আৰু সৰ্বশিক্ষাৰ অধীনত ১৩,২১৭ টা শিক্ষকৰ পদ খালী হৈ আছে। এৰেদৰে ২০১৯ চনত প্ৰকাশিত এক প্ৰতিবেদনৰ তথ্য অনুসৰি -ৰাজ্যত খালী হৈ আছে ১৯,২৩০ টা উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষকৰ পদ৷
বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণৰ কথা উল্লেখ কৰাৰ প্ৰয়োজনেই নাই৷ এই বৃহৎ সংখ্যক শিক্ষকৰ পদ পূৰণ কৰাৰ লগতে চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰিলেই হয়তো ব্যক্তিগত খণ্ডৰ বিদালয়সমূহ ক্ৰমাৎ হ্ৰাস পাব৷ কাৰণ সেই সময়ত ব্যক্তিগত খণ্ডৰ বিদালয়ত শিক্ষকতা কৰিবলৈ নাথাকিহ সুদক্ষ শিক্ষক-শিক্ষয়িত্ৰী৷
ইতিমধ্যে এনে কাম কৰি এক নজিৰ সৃষ্টি কৰিছে অৰৱিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লী চৰকাৰে৷ যি ব্যক্তিগত শিক্ষানুষ্ঠানতকৈ বহুত উন্নত৷
একেদৰে ব্যক্তিগত বিদালয়সমূহক নাকী লগাব অন্যতম দিশটো হৈছে- আপুনি কোৱা ধৰণে মন্ত্ৰী-বিধায়ক, চৰকাৰী বিষয়া-কৰ্মচাৰীৰ সন্তানকো চৰকাৰী বিদ্যালয়ত পঠোৱাটো৷ পিছে মন্ত্ৰী ডাঙৰীয়া মুখেৰে কোৱা সহজ, কিন্ত কাৰ্যকৰী কৰাটোহে ডাঙৰ কথা৷ আপুনি কোৱা ধৰণে মন্ত্ৰী-বিধায়ক, চৰকাৰী বিষয়া-কৰ্মচাৰীৰ সন্তানকো চৰকাৰী বিদ্যালয়ত পঠোৱাটো বাধ্যতামূলক কৰিব পাৰিবনে? পাৰিবনে এনে কোনো আইন গৃহীত কৰিবলৈ৷ তেতিয়াই চাব আপুনি আপোনাৰ দৰে মন্ত্ৰী-বিধায়ক, চৰকাৰী বিষয়া-কৰ্মচাৰীৰ সন্তানো চৰকাৰী বিদ্যালয়লৈ যাব আৰু চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ আৰু অধিক ভাল হব৷ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহক লৈয়ো কোনো প্ৰশ্নৰ অৱতাৰণা নহব৷ কেৱল ভাল ফলাফল দেখুৱাব নোৱাৰা শিক্ষানুষ্ঠানৰ শিক্ষকক মাতি আনি অপদস্ত কৰা নতুবা তেনে শিক্ষানুষ্ঠান বন্ধ কৰি দিয়াৰ ভাবুকিৰে সমস্যা সমাধান নহয়৷ যদি দিল্লী চৰকাৰে পাৰিছে, তেন্তে এগৰাকী প্ৰভাৱশালী মন্ত্ৰী হিচাপে ৰাজ্যখনৰ চৰকাৰী শিক্ষানুষ্ঠানক জিলিকাই তুলিবলৈ আপুনিও পাৰিব৷

ফোন নং- +919435983235

No comments:

Post a Comment

SPONSORED