বিটিএডিৰ ৰাজনীতি : এক চমু অৱলোকন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 22, 2020

বিটিএডিৰ ৰাজনীতি : এক চমু অৱলোকন

@ জাহিদুল ইছলাম মিৰ্ধা

বিটিএডি তথা বিটিআৰ অঞ্চলত সম্প্ৰতি ৰাজনৈতিক বতাহ প্ৰবলভাৱে বলিবলৈ লৈছে ৷ ইতিমধ্যে বিগত ১৭ বছৰে শাসন কৰা বিপিএফ আৰু নৱগঠিত আঞ্চলিক দল ইউপিপিএলৰ লগতে অন্যান্য ৰাজনৈতিক দলবোৰেও নিৰ্বাচনী কুচকাৱাজ অব্যাহত ৰাখিছে ৷



উল্লেখ কৰা ভাল যে নিৰ্বাচন আয়োগে বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন বাৰ ঘোষণা কৰিছিল ৷ যোৱা ৪ এপ্ৰিলতে বিটিচিৰ নিৰ্বাচনৰ তাৰিখ আছিল ৷ সেইমতে সকলো দলৰে প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিল প্ৰক্ৰিয়াও সমাপ্ত হৈছিল ৷ কিন্তু বিশ্বজুৰি ভয়াবহ ৰূপ ধাৰণ কৰা কৰোনা মহামাৰীৰ বাবে সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰাৰ লগে লগে নিৰ্বাচন আয়োগেও বিটিচিৰ নিৰ্বাচন অনিৰ্দিষ্ট কাললৈ স্থগিত ঘোষণা কৰে ৷ তাৰ পাছতো নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে আৰু ৰাজনৈতিক দলবোৰে ভিতৰি ভিতৰি নিজ নিজ প্ৰচাৰকাৰ্য চলায়েই আছে ৷ লকডাউন কিছু পৰিমানে পাছত সম্প্ৰতি সমগ্ৰ বিটিচিতে নিৰ্বাচনী প্ৰচাৰ দ্ৰুতগতিত চলাই থকা পৰিলক্ষিত হৈছে ৷ সেয়া যিয়েই নহওক, এক কথাত বিটিএডিত নিৰ্বাচনৰ গৰম বতাহে সকলোকে স্পৰ্শ কৰিছে ৷
২০০৩ চনত বিটিএডি গঠন হোৱাৰ পাছৰে পৰাই হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফ দলে অঞ্চলটোৰ শাসন চলাই আহিছে ৷ বিএলটি নামৰ সশস্ত্ৰ উগ্ৰপন্থী সংগঠন এটাৰ পৰা মুলসুতিলৈ উভতি আহি হাগ্ৰামা মহিলাৰীয়ে অন্যান্য বড়ো জনগোষ্ঠীয় সংগঠনৰ লগত একেলগে বিটিচিৰ শাসনৰ দায়িত্ব লাভ কৰিছিল ৷ কিন্তু ক্ষমতাসৰ্বস্ব ৰাজনীতিত নিজৰ আধিপত্য অটুট ৰাখিবলৈ হাগ্ৰামা বাহিনীয়ে কুটিল ষড়যন্ত্ৰ কৰি অন্যান্য দল সংগঠনৰ নেতৃত্বক আওকান কৰিবলৈ ধৰিলে ৷ যাৰ পৰিণতিত এবছুকে ধৰি আন বড়ো সংগঠনৰ নেতৃত্বই ক্ৰমান্বয়ে হাগ্ৰামাৰ পৰা আতৰি আহিবলৈ বাধ্য হৈছিল ৷ আৰম্ভণিতে বিপিপিএফ নামেৰে গঠন হোৱা ৰাজনৈতিক দলটো বিভক্ত কৰি হাগ্ৰামাৰ নেতৃত্বত বিপিএফ আৰু ৰবিৰাম নাৰ্জাৰীয়ে বিপিপিএফৰ দায়িত্ব লৈ হাগ্ৰামাৰ পৰা আতৰি আহিল ৷ হাগ্ৰামাৰ এই কুটিল ৰাজনীতি বিটিচিৰ প্ৰথমটো নিৰ্বাচনতে সকলোৱে বুজি পাইছিল যদিও সময়লৈ মাথো অপেক্ষা কৰিছিল ৷ ২০০৫ চনত যেতিয়া বিটিচিৰ প্ৰথমটো পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হৈছিল তেতিয়াৰ পৰাই হাগ্ৰামা মহিলাৰী বিটিচিৰ একছত্ৰী সম্ৰাট হৈ পৰে ৷ ক্ষমতাত অধিষ্ঠিত হৈয়ে হাগ্ৰামা মহিলাৰীয়ে প্ৰাক্তন বিএলটিসকলক সমগ্ৰ বিটিএডিৰ উঠিৰজা বহিৰজা বনাই দিয়ে ৷ তেতিয়াৰে পৰা সমগ্ৰ অঞ্চলটোতে উন্নয়নৰ কাম-কাজ এইসকলেই কৰি আহিছে ৷ অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ বাবে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ পৰা পোৱা হাজাৰ হাজাৰ কোটি টকা খৰচৰ দায়িত্বভাৰ এইসকলেই লাভ কৰিলে ৷ ফলত বিটিএডিৰ উন্নয়নৰ নামত কি কি কাম হৈছে সেয়া ৰাইজৰ নখদৰ্পণত ৷ পৰিষদীয় চৰকাৰৰ প্ৰথমটো কাৰ্যকাল শেষ হোৱাৰ পাছত দুৰ্বল বিৰোধী থকাৰ সুযোগ লৈ ধনবল বাহুবল প্ৰয়োগ কৰি দ্বিতীয়টো কাৰ্যকালৰ বাবেও হাগ্ৰামা মহিলাৰীয়ে ক্ষমতাত অধিষ্ঠিত হ’ল ৷ দ্বিতীয়টো কাৰ্যকালতো বিশেষ একো পৰিৱৰ্তন নহ’ল ৷ হাগ্ৰামাৰ একনায়কত্ববাদী চৰিত্ৰ আৰু তেওঁৰ সাংগো পাংগো সকলৰ দপদপনি চলিয়ে থাকিল ৷ যাৰ ফলত বিটিচিত হাগ্ৰামাৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিলে ৷ যাৰ বহিঃপ্ৰকাশ ঘটিল বিটিচিৰ তৃতীয়টো নিৰ্বাচনত ৷ সেই নিৰ্বাচনত বিপিএফ দলে একক সংখ্যাগৰিষ্ঠতা নাপালে৷ ফলত নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থন লৈ আকৌ শাসনৰ গাদীত বহিল ৷ এইদৰেই একেৰাহে সুদীৰ্ঘ ১৭ বছৰ কাল বিটিএডিত শাসন কৰিলে হাগ্ৰামা বাহিনীয়ে ৷ এই সুদীৰ্ঘ সময়ত বিটিএডিত বহুতো হত্যা হিংসা সংঘটিত হৈ গ’ল ৷ বহু নিৰীহ মানুহে জীৱন হেৰুৱাবলগীয়া হ’ল ৷ আদৰ্শ বিটিচিৰ সপোন দেখুৱাই গাদীত বহা হাগ্ৰামা বাহিনীয়ে বিটিএডিখনক মৃত্যু উপত্যকালৈ পৰিণত কৰিলে ৷ উন্নয়নৰ নামত দুৰ্নীতি ভ্ৰষ্টাচাৰেৰে শাসক দলৰ নেতা পালিনেতাসকলে পাহাৰসম সম্পত্তি আৰ্জি ল’লে ৷ বিটিএডিত বাস কৰা আন আন জাতি জনগোষ্ঠীতো বাদেই বড়োসকলৰ বাবেও বিশেষ একো নকৰিলে বিগত ১৭ বছৰীয়া শাসনকালত ৷ যাৰ বাবেই আজি বড়োসকলে বিকল্পৰ সন্ধান কৰিছে ৷
বড়োসকলৰ প্ৰধান জাতীয় সংগঠন এবছুৰ নেতৃত্বত সৌ সিদিনা যি বিটিআৰ চুক্তি হ’ল সেই চুক্তিক সন্মান জনাই ইতিমধ্যে সশস্ত্ৰ উগ্ৰপন্থীৰ পৰা মুলসুতিলৈ এনডিএফবিৰ আটাইবোৰ গোটেই উভতি আহিছে ৷ এবছুৰ পৰা অব্যাহতি লৈ প্ৰমোদ বড়োৱে সক্ৰিয় ৰাজনীতিলৈ অহাৰ লগেলগে ইউপিপিএলৰ নেতৃত্বই তেওঁক সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে ৷ ছাত্ৰ ৰাজনীতিৰ পৰা পোনেপোনে আহি পৰিষদীয় ৰাজনীতিত বলিষ্ঠভাৱে পদাৰ্পণ কৰা প্ৰমোদ বড়ো এতিয়া হাগ্ৰামাৰ তীব্ৰ প্ৰতিদন্দী হৈ উঠিছে ৷ সমগ্ৰ বড়ো জনগোষ্ঠীৰ মাজত জনপ্ৰিয়তা থকা প্ৰমোদ বড়োৰ প্ৰতি বিটিএডিৰ সৰ্বস্তৰৰ জনসাধাৰণে আস্থা প্ৰদৰ্শন কৰা দেখা গৈছে ৷
বিটিএডিত বিগত কিছুবছৰৰ পৰা অবড়োৰ নামতো ৰাজনৈতিক শক্তি এটাই গাকৰি উঠিছে ৷ এই শক্তিটোৱেই ২০১৪ চনৰ লোকসভা নিৰ্বাচনত নৱকুমাৰ শৰণীয়া ওৰফে হীৰা শৰণীয়াক সাংসদ হিচাপে নিৰ্বাচিত কৰি দিল্লীলৈ পঠিয়ায় ৷ উল্লেখ কৰা ভাল যে এই অবড়ো শক্তিটোৰো জন্ম হৈছিল হাগ্ৰামাৰ বৈষম্যমূলক নীতিৰ বাবেই ৷ কিন্তু যিবোৰ সপোন লৈ অবড়ো নেতৃত্বই হীৰা শৰণীয়াক দুবাৰকৈ সাংসদ বনালে সেইবোৰ সপোন সপোন হৈয়ে ৰল ৷ মাজৰ পৰা বড়ো-অবড়োৰ মাজত এক বিশাল দুৰত্বৰহে সৃষ্টি হ’ল ৷ আগন্তুক পৰিষদীয় নিৰ্বাচনতো অবড়োৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ৷ কিন্তু এওঁলোকে বড়ো-অবড়োৰ মাজত বিভেদৰ ৰাজনীতি কৰি কিমানদূৰ সফল হ’ব পাৰে তাৰ ইংগিত ইতিমধ্যে দেখা গৈছে ৷
বিটিআৰ চুক্তিত স্বাক্ষৰ কৰি প্ৰত্যক্ষ ৰাজনীতিত পদাৰ্পণ কৰা প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএল দলে বিটিএডিৰ সকলো জাতি জনগোষ্ঠীৰ মাজত সোমাই যাবলৈ চেষ্টা কৰিছে ৷ বিটিএডিৰ প্ৰায় ৭০ শতাংশ জনসাধাৰণক এলাগী কৰি যে বিটিএডিৰ উন্নয়ন সম্ভৱ নহয় সেই কথা প্ৰমোদ বড়োৱে ভালকৈ বুজি পাইছে ৷ সেইবাবেই জাতি ধৰ্ম নিৰ্বিশেষে জনগোষ্ঠীৰ মাজত সোমাই যাবলৈ চেষ্টা কৰিছে ৷ প্ৰমোদ বড়োৰ এই শক্তিশালী ভুমিকাই এতিয়া হাগ্ৰামা মহিলাৰীৰ মুৰৰ কামোৰণি হৈ পৰিছে ৷ সম্প্ৰতি বিটিএডিত এই দুই দলৰ মাজতেই ক্ষমতা লাভৰ যুঁজখন সীমাবদ্ধ থকা দেখা গৈছে ৷ অৱশ্যে বিটিএডিৰ শাসনত বহিবলৈ কংগ্ৰেছ, এআইইউডিএফ, বিজেপি, অগপ আদি দলৰ শক্তি অঞ্চলটোত নাই বুলিবই পাৰি ৷ বিগত নিৰ্বাচনবোৰত তাৰ প্ৰমাণ দেখা গৈছে ৷ এইবেলিও এই দলবোৰে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে যদিও দুই চাৰিখন আসন লাভ কৰাৰ বাহিৰে এইবোৰ দলে বিশেষ সফলতা লাভ কৰাৰ সম্ভাৱনা কম৷ হাগ্ৰামা বাহিনীৰ অপশাসন ওফৰাবলৈ সেয়ে হয়তো বিটিএডিৰ ৰাইজৰ হাতত ইউপিপিএলৰ বিকল্প নাথাকিব ৷ ক্ষমতা দখলৰ এই যুঁজত প্ৰমোদ বড়ো কিমান সফল হয় সেয়াও সময়ত লক্ষণীয় হ’ব যদিও বিটিএডিৰ ৰাজনীতিত প্ৰমোদ বড়োৰ এক নিকা ভাৱমূৰ্ত্তি আছে ৷ বিটিআৰ চুক্তিৰ জৰিয়তে তেৱেঁই আটাইবোৰ সশস্ত্ৰ বিদ্ৰোহী গোটক মুলসুতিলৈ উভতাই আনিবলৈ সক্ষম হৈছে ৷
এখন দেশ বা এটা অঞ্চলৰ উন্নয়নত শান্তিপূৰ্ণ বাতাবৰণে যথেষ্ট গুৰুত্বপূৰ্ণ ভুমিকা লয় ৷ অশান্তজৰ্জৰ বিটিএডিত শান্তিৰ পৰিৱেশ ঘুৰাই অনাত প্ৰমোদ বড়োৰ বলিষ্ঠ ভুমিকাৰ শলাগ লবই লাগিব ৷ সেয়ে সকলোৱে এখন শান্তিৰ বিটিআৰ বিচাৰে যত কোনো হত্যা হিংসা নাথাকিব, কোনো গোষ্ঠী সংঘাত নাথাকিব ৷ সম্প্ৰতি বিটিএডিত প্ৰমোদ বড়োৰ নেতৃত্বত চলি থকা পৰিৱৰ্তনৰ ঢৌ আহিবলগীয়া পৰিষদীয় নিৰ্বাচনত অব্যাহত থাকিব নে পুনৰ হাগ্ৰামাৰ হাতলৈ যাব ক্ষমতা সেয়া সময়তহে লক্ষণীয়া হব৷



মোবাইলঃ ৭০০২৬৪২৮১২

No comments:

Post a Comment

SPONSORED