ডবকা নে ধুবুৰী - প্ৰস্তাৱিত আজমল বিশ্ববিদ্যালয়ক লৈ বিতৰ্ক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 29, 2020

ডবকা নে ধুবুৰী - প্ৰস্তাৱিত আজমল বিশ্ববিদ্যালয়ক লৈ বিতৰ্ক

  • ক’ত প্ৰতিষ্ঠা কৰিব লাগে আজমল বিশ্ববিদ্যালয়?
  • ধুবুৰীত প্ৰতিষ্ঠা কৰাৰ দাবী যুক্তিযুক্ততা কিমান?
@মহিবুল মণ্ডল
মৌলানা বদৰুদ্দিন আজমলে এআইইউডিএফ দল গঠন কৰাৰ পিছৰ পৰাই ধুবুৰী লোকসভা সমষ্টিত বিগত ২০০৯,চনত বিধানসভা,২০১৪ আৰু ২০১৯ চনৰ লোকসভাৰ সাংসদ নিৰ্বাচনত বিপুল ভোটৰ ব্যৱধানত বিজয়ী হয় । অৰ্থাৎ হেট্ৰিক গঢ়িবলৈ সক্ষম হয়।



উল্লেখ্য যে, যোৱা কিছুদিন ধৰি আজমল বিশ্ববিদ্যালয় (প্ৰস্তাৱিত) এখনৰ স্থানক লৈ ফেচবুকত বহু বিতৰ্ক চলা দেখিবলৈ পোৱা গৈছে। ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় এখন কোনে ক'ত স্হাপন কৰিব সেয়া তেওঁৰ নিজস্ব কথা। মুনাফাৰ সম্ভাৱনা য'ত বেছি তাতেই মালিকে পূঁজি বিনিয়োগ কৰিব। তাত ক'বলগীয়া নাই। পিছে বদৰুদ্দিন আজমল ৰাইজৰ প্ৰতিনিধি হোৱা হেতুকে ধুবুৰীত আজমল বিশ্ববিদ্যালয় স্থাপনৰ দাবী জনোৱাটো কোনো অযুক্তিকৰ হ'ব নোৱাৰে। তথা এয়া সম্ভাৱনাপূৰ্ণ বাস্তৱ। তাকে লৈ চলি আছে বহু বিতৰ্ক। কিন্তু এতিয়ালৈকে আজমল চাহাবে এই সম্পৰ্কত কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হোৱা নাই।

কিন্তু কিয় চলিছে এই বিতৰ্ক ? ধুবুৰী লোকসভা সমষ্টিবাসীয়ে কিয় দাবী কৰিছে তেখেতৰ নিজৰ দখলত থকা সমষ্টিত প্ৰস্তাৱিত আজমল বিশ্ববিদ্যালয় খন স্থাপন হ'ব লাগে বুলি। এই সমগ্ৰ কথাখিনি আলোচনা কৰিবলৈ যাওঁতে আজমল চাহাবে যেতিয়া প্ৰথম বাৰৰ বাবে ৰাজনৈতিক ৰাজধানী হিচাপে দক্ষিণ শালমাৰা সমষ্টি বাছি লৈছিল, তেতিয়া তেখেতক বহুতে প্ৰশ্ন কৰিছিল যে অসমৰ ১২৬ টা সমষ্টিৰ ভিতৰত কিয় তেখেতে দক্ষিণ শালমাৰা সমষ্টি বাছি ল'লে। এনে বহু প্ৰশ্নৰ উত্তৰো আজমল চাহাবে খুৱ ধুনীয়াকৈ ৰাইজক বুজাই দিছিল তথা ৰাইজৰ আস্থাও বুটলিবলৈ সক্ষম হৈছিল।

সেই সময়ত আজমল চাহাবৰ প্ৰথম প্ৰতিশ্ৰুতি সমূহ আছিল এয়া যে গৰাখহনীয়া সমস্যাৰ স্থায়ী প্ৰতিৰোধ কৰা, নিবনুৱাক কৰ্ম সংস্থাপন দিয়া আৰু শৈক্ষিক দিশৰ উত্তৰণ কৰা। মূলত: ভাষণৰ ফুলজাৰি আছিল এটাই চৰকাৰে যদি পুঁজি নিদিয়ে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধৰ বাবে "আল্লাই মোক অজস্ৰ ধন দিছে মই নিজৰ ধনেৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিম।" অনুৰূপ কথাই নিবনুৱাক উদ্দ্যেশি কৈছিল- চৰকাৰী চাকৰি দিব নোৱাৰিলেও তেখেতৰ ব্যক্তিগত খণ্ডত হাজাৰ হাজাৰ চাকৰি দিয়া হ'ব ।"

এতিয়া মূল প্ৰসংগলৈ আহিছো। প্ৰস্তাৱিত আজমল ইউনিভাৰ্ছিটি খন ধুবুৰী লোকসভা সমষ্টি বনাম ডবকা বিষয়টোয়ে কিয় বিতৰ্কৰ সৃষ্টি কৰিলে ? আমি অস্বীকাৰ কৰিব নোৱাৰো আজমল ফাউণ্ডেচনৰ উদ্যোগত অসমত বহুসংখ্যক হস্পিতাল আৰু শিক্ষানুষ্ঠান পৰিচালিত হৈ আছে। অসমৰ অন্যান্য সমস্যা সমাধানৰ লগতে অসমৰ শিক্ষা জগতৰ বাবে আজমল পৰিয়ালে কি কৰিছে, এই কথাবোৰ কম-বেছি পৰিমাণে নিশ্চয় অসমৰ ৰাইজে জানে ৷ তথা এই ক্ষেত্ৰত আমাৰ ক'বলগীয়াও নাই। সেয়া তেখেতৰ ব্যৱসায়িক কথা।

কিন্তু কেতিয়াবা আজমল চাহাবে ভাবি চাইছে নে যি প্ৰতিশ্ৰুতিৰে তেখেত বিধায়কৰ পৰা সাংসদ হ'ল সেই প্ৰতিশ্ৰুতি তেখেতে কিমান খিনি ৰক্ষা কৰিছে বা কৰিবলৈ সক্ষম হৈছে ?

অপ্ৰিয় সত্য এয়াই যে তেখেতক ৰাইজে নিৰ্বাচন কৰিছে একমাত্ৰ ধৰ্মীয় গুৰু হিচাপে ধৰ্মীয় আৱেগত । সেয়া বহলাই কোৱাৰ প্ৰযোজন নাই কাৰণ বিগত দিনৰ জৰা-ফুকা তথা জীৱনত ৰাজনৈতিক ক্ষেত্ৰখনত ভৰি নিদিয়া ধৰ্মীয় গোড়ামী সম্পন্ন জোনাৱ বোৰে নেতামীৰ নামত বহু কৰ্মকাণ্ড কৰা আমি দেখি আহিছো ।

উল্লেখ্য যে , অখণ্ডিত ধুবুৰী জিলাখন ৰাজ্যখনৰ ভিতৰত শিক্ষাৰ হাৰ সৰ্বনিম্ন। মুছলমানৰ জনসংখ্যাৰ হাৰ ৮৪ শতাংশ। ইয়াৰ ভিতৰত শিক্ষিতৰ হাৰ ৫৯.৪ শতাংশ সেই দৃষ্টিকোণৰ পৰাও আমি ক'ব পাৰো তেখেত ধুবুৰীৰ পৰা নেতা হোৱাৰ এক অন্যতম কাৰণ ধৰ্ম । এই কাৰণেই ধৰ্মীয় দিশটো অলপ আলোচনা কৰিছো । এ আই এউ ডি এফ'ৰ ভক্ত এজনে প্ৰস্তাৱিত আজমল ইউনিভাৰ্ছিটি সম্পৰ্কে বিতৰ্কত অংশীদাৰ হৈ ফেচবুকত উল্লেখ কৰিছে-

"আজমল ছুপাৰ-৪০ আঁচনিৰ অধীনত সমগ্ৰ অসমৰ পৰা বিভিন্ন জাতি ধৰ্মৰ লোকক শিক্ষা প্ৰদান কৰাও আমি দেখিছোঁ । ইয়াত ধুবুৰী আৰু হোজাই বোলা কোনো কথা নাই ৷ ইয়াত কোনো জাতি ধৰ্মৰ উল্লেখ নাই ৷( হুবহু)

গতিকে, প্ৰসঙ্গ ক্ৰমে কোৰআনৰ এষাৰ বাণী আমি সদায় মনত ৰখা উচিত ৷ কোৰআনত আল্লাহে কৈছেঃ
وَاِذْ تَاَذَّنَ رَبُّكُمْ لَئِنْ شَكَـرْتُـمْ لَاَزِيْدَنَّكُمْ ۖ وَلَئِنْ كَفَرْتُـمْ اِنَّ عَذَابِىْ لَشَدِيْدٌ
অৰ্থঃ আৰু যেতিয়া তোমালোকৰ প্ৰতিপালকে তোমালোকক সতৰ্ক কৰি দিছে যে, যদি তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা, তোমালোকক আৰু অধিক পৰিমাণে দিম, আৰু যদি তোমালোক অকৃতজ্ঞ হোৱা মনত ৰাখিবা মোৰ শাস্তি বহুত কঠিন ৷ (ছুঃ ১৪-আঃ ৭)"

লক্ষ্যণীয় যে, ভক্ত ডাঙৰীয়াই বৈজ্ঞানিক দৃষ্টিভংগীৰে আলোচনা নকৰি কোৰাণৰ উক্তিৰে ধৰ্মীয় আৱেগেৰে আলোচনা কৰাটোক আমি কোৱা ধৰ্মীয় গোড়ামীৰ ৰাজনীতি কৰা কথাটোকেই আকৌ প্ৰতিপন্ন কৰা নাই নে ? বাৰু বাদ দিলো ৰাজনীতিক আদৰ্শৰ কথা।

আমাৰ প্ৰশ্ন ,ৰাজনৈতিক ৰাজধানী হিচাপে দক্ষিণ শালমাৰাত খোপতি পোতা আজমল চাহাবে প্ৰতিশ্ৰুতি দিয়া মতে , তেখেতে শৈক্ষিক দিশত বিশেষ ভাৱে জিলাখনক গুৰুত্ব দিব। কিন্ত প্ৰশ্ন হয় দিছে নে? ভক্ত সকলে হয়তো ক'ব আজমল ফাউণ্ডেচনৰ উদ্যোগত অসমত বহুসংখ্যক হাস্পাতাল আৰু শিক্ষানুষ্ঠান পৰিচালিত হৈ আছে। হয়, আমিও দেখিছো সেয়া আজমল চাহাবৰ ব্যৱসায়ীক গতানুগতিক ধান্ধা। কেৱল ধুবুৰীবাসীৰ বাবে অগতানুগতিক বিশেষ শিক্ষা ব্যৱস্থা উন্নত কৰাৰ আচঁনি লৈছে নে তেখেতে ?

আজমল চাহাবে চৰকাৰী চাকৰি দিব যে নোৱাৰে আমি সেয়া জানো বাবে আলোচনালৈ নানিলো। কিন্তু তেখেতৰ ব্যক্তিগত খণ্ডত ধুবুৰী লোকসভা সমষ্টিৰ কিমান নিবনুৱাক কৰ্মসংস্থাপন দিছে ? তাতেওঁ ভক্তগণে হয়তো একেটাই উত্তৰ দিব। কিন্তু কেতিয়াবা ভাবি চাইছে নে ? আজমল চাহাবে পুঁজিবাদী ব্যৱস্থাৰ উত্তৰণ ঘটাই ধুবুৰীত নিবনুৱা হাৰ বৃদ্ধিহে কৰিছে ।

কাৰণ আজমল ফাউণ্ডেচনৰ উদ্যোগত অত্যাধুনিক শিক্ষানুষ্ঠান গঢ়লৈ উঠাৰ বাবে থলুৱা নিবনুৱাৰ উদ্যোগত গঢ়লৈ উঠা বহু শিক্ষানুষ্ঠান বন্ধ হৈছে । তথা সেই অনুপাতে আজমল ফাউণ্ডেচনৰ শিক্ষানুষ্ঠানত যদি দহ জন নিবনুৱাই কৰ্মসংস্থাপন পাইছে। অন্যফালে বিশ জন নতুনকৈ নিবনুৱাৰ সৃষ্টি হৈছে । ইয়াৰ বহুত উদাহৰণ আছে ।



আমাৰ প্ৰশ্ন হ'ল ভাষণৰ ফুলজাৰি মৰা আজমল ডাঙৰীয়াই ব্যক্তিগত ভাৱে প্ৰতিশ্ৰুতি দিয়া মতে ধুবুৰী লোকসভা সমষ্টিৰ বাবে বিশেষ কি কৰিছে ? আমাৰ প্ৰস্তাৱ ধুবুৰী লোকসভা সমষ্টিবাসীৰ বাবে অগতানুগতিক ব্যৱসায়ীক পদ্ধতিৰে নিবনুৱাক কৰ্ম সংস্থাপন দিয়ক । কাৰণ তেখেতে কোৱাৰ দৰে তেখেতক আল্লাই অজস্ৰ ধন দিছে। সেয়ে থলুৱা নিবনুৱাক সৰু সৰু ব্যৱসায়ীক কাম বোৰ কৰিব দিয়ক তথা থলুৱা নিৱনুৱাই উদ্যোগ ল'ব নোৱাৰা আচঁনি তেখেতে যুগুত কৰি সহায় কৰক ।

সেই দৃষ্টিকোণৰ পৰা ধুবুৰী-দক্ষিণ শালমাৰাত প্ৰস্তাৱিত আজমল ইউনিভাৰ্ছিটি বিচাৰি বিতৰ্ক কৰাটো তেনেই সাধাৰণ কথা । তথা ধুবুৰীত কেন্দ্রীয় বিশ্ববিদ্যালয়, গোৱালপাৰাত চি আই টি, বিজনীত এইমছ্ সদৃশ প্ৰতিষ্ঠান, পঞ্চৰত্নৰ পৰা জলেশ্বৰ, দক্ষিণ শালবাগান, মানকাচৰ হৈ মহেন্দ্রগঞ্জলৈ ৰেল যোগাযোগ, জলেশ্বৰ-ধুবুৰী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু এখন দলং দাবী কৰাটো কোনো অলীক কল্পনা নহয়। এনে সম্ভাৱনীয়তাৰ বাস্তৱ প্ৰতিফলন নঘটিলে কিয় লাগে আমাক সাংসদ ?

No comments:

Post a Comment

SPONSORED