বান-খহনীয়াৰ বুজ ল’লে প্ৰমোদ বড়ো, শাজাহান আলী, সবজল হক, মনিৰুজ জামান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 28, 2020

বান-খহনীয়াৰ বুজ ল’লে প্ৰমোদ বড়ো, শাজাহান আলী, সবজল হক, মনিৰুজ জামান

• বাক্সাত বান-খহনীয়াৰ বুজ ল’লে প্ৰমোদ বড়ো
• শাজাহান আলীৰ সহযোগত পৰিদৰ্শন বিভিন্ন অঞ্চল
• সৰুক্ষেত্ৰীত অধিবক্তা সবজল হক চৌধুৰী
• বানপীড়িতৰ মাজত খাদ্য সামগ্ৰী বিতৰণ
• যুৱ নেতা মনিৰুজ জামানৰো পৰিদৰ্শন বানাক্ৰান্ত অঞ্চল



ব্যুৰ’ সংবাদ : কি উজনি, কি নামনি৷ সমগ্ৰ অসমতে এতিয়া বানৰ প্ৰলয়৷ ৰাজ্যখনৰ আন আন প্ৰান্তৰ লগতে বৰপেটা আৰু বাক্সা জিলাতো অব্যাহত আছে বানৰ তাণ্ডৱ৷ বানৰ সমান্তৰালকৈ বেঁকী নদীয়ে চলোৱা খহনীয়াৰ বুজ ল’লে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে৷ দেওবাৰে প্ৰমোদ বড়োৱে বাক্সা জিলাৰ ভিন্ন প্ৰান্তত উপস্থিত হৈ বান আৰু খহনীয়াৰ দৃশ্য সমূহ প্ৰত্যক্ষ কৰি চৰকাৰ আৰু বিভাগক অতিশীঘ্ৰে এই সমস্যা সমাধানৰ বাবে দাবী জনায়৷ প্ৰমোদ বড়োৰ সৈতে ইউপিপিএলৰ মথনগুৰি সমষ্টিৰ প্ৰাৰ্থী শাজাহান আলী আহমেদেও বান আৰু গৰাখহনীয়াৰ বুজ লয়৷
ইপিনে বৰপেটা ডিলাৰ সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চল আজিও বানত প্লাৱিত হৈ আছে৷ ফলত স্থানীয় উদ্যমী যুৱক তথা অধিবক্তা সবজল হক শিকদাৰে সমষ্টিটোৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বানপীড়িতৰ মাজত খাদ্য সমাগ্ৰ বিতৰণ কৰে৷ একেদৰে একেদৰে যুৱ নেতা মনিৰুজ জামানেও সমষ্টিটোৰ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। সমষ্টিটোৰ বিভিন্ন অঞ্চল পূৰ্বেই প্ৰলয়ংকাৰী বানে বিধ্বস্ত কৰাৰ ফলত সম্পূৰ্ণ ভাবে যাতায়ত ব্যহত কৰি জনসাধাৰণক মাধমাৰ শোধাইছে৷ পিছত খোদ বিধায়ক জাকিৰ হুছেইন শিকদাৰে সেই পথসমূহ মেৰামতি কৰি দিব বুলি কথা দিছিল যদিও আজিলৈ কাৰ্যকৰী হোৱা পৰিলক্ষিত নহল বুলি দাবী কৰিছে যুৱ নেতা মনিৰুজ জামানে৷

No comments:

Post a Comment

SPONSORED