বিটিএডিত জবকাৰ্ডৰ নামত চলিছে ভয়ংকৰ দুৰ্নীতি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 28, 2020

বিটিএডিত জবকাৰ্ডৰ নামত চলিছে ভয়ংকৰ দুৰ্নীতি

  • বিটিএডিত জবকাৰ্ডৰ নামত চলিছে ভয়ংকৰ দুৰ্নীতি
  • দুখীয়াক পেটে-ভাতে মৰাৰ চক্ৰান্ত বিপিএফ কৰ্মীৰ
  • একাংশ বেংক বিষয়া, চি এইচ পিৰ এজেণ্ট জড়িত থকাৰ অভিযোগ



এয়া আমাৰ কথা নহয়৷ গোপন কেমেৰাত বন্দী দুৰ্নীতিৰ সমগ্ৰ দৃশ্য৷ টকা গণি থকা এই ব্যক্তিগৰাকী বাক্সা জিলাৰ কাউৰপাৰা গাৱৰ বিপিএফৰ প্ৰাক্তন মেম্বাৰ আব্দুল কালাম৷
এইবাৰ চাওক এই অভিযোগ পত্ৰটো৷ অভিযোগ পত্ৰত স্পষ্টকৈ লিখিছে এইগৰাকী মহান ব্যক্তিগৰাকীৰ হাতত জমা ৰাখিছে অঞ্চলটোৰ ভালে সংখ্যক লোকৰ ডবকাৰ্ড৷

এনেদৰেই দুখীয়া লোকৰ ডবকাৰ্ড নিজৰ হাতত জমা ৰাখি হিতাধিকাৰীসকলক ৫০০-৬০০ টকা দি বাকী টকা আত্মসাৎ কৰে কালামে৷ এই দৃশ্যই হৈছে কালামে জবকাৰ্ডৰ হিতাধিকাৰীক ৫০০-৬০০ টকা দি থকাৰ দৃশ্য৷
ইপিনে বাক্সা জিলাত এমজিএনৰেগা আঁচনিত ব্যাপক দুৰ্নীতি চলি থকা বুলি অভিযোগ তুলি জবকাৰ্ডৰ প্ৰকৃত হিতাধিকাৰিক বঞ্চিত কৰি ভিচিডিচি অধ্যক্ষ তথা সদস্যৰ লগতে একাংশ বেংক বিষয়া, চিএইচপি চেণ্টাৰ এজেণ্টে আত্মসাৎ কৰি আহিছে বুলি উল্লেখ কৰা সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰে মথনগুৰি পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী শাজাহান আলী আহমেদে৷
মূলতঃ বাক্সা জিলাত জবকাৰ্ড তথা এমজিএনৰেগা আঁচনিত কেনেদৰে আৰু কোনে কেনেকৈ দুৰ্নীতি সংঘটিত কৰি আহিছে সেয়া আৰু অধিক বিস্তাৰিতভাৱে পৰৱৰ্তী প্ৰতিবেদনত প্ৰকাশ কৰিম৷

No comments:

Post a Comment

SPONSORED