ৰামদেৱৰ মিথ্যাচাৰ! জ্বৰ-কাহৰ দৰবকে কৰ’নাৰ নাম দি মুকলি কৰিলে পতঞ্জলিয়ে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

June 25, 2020

ৰামদেৱৰ মিথ্যাচাৰ! জ্বৰ-কাহৰ দৰবকে কৰ’নাৰ নাম দি মুকলি কৰিলে পতঞ্জলিয়ে

নতুন দিল্লী : ক’ভিডৰ দৰব প্ৰস্তুতৰ নামত মিথ্যাৰ আশ্ৰয় লৈছে ৰামদেৱৰ পতঞ্জলি আয়ুৰ্বেদে৷ এসপ্তাহৰ ভিতৰতে কৰ’নাৰ সম্পূৰ্ণ নিৰাময়ৰ দাবী কৰা পতঞ্জলি আয়ুৰ্বেদে এনে দৰব প্ৰস্তুতৰ বাবে লোৱা নাছিল অনুজ্ঞাপত্ৰ৷ তেওঁলোকে এতিয়ালৈ দাখিল কৰা নাই গৱেষণাৰ ফলাফল তথা ইয়াৰ ক্লিনিকেল পৰীক্ষাৰ বাবে প্ৰয়োজনীয় পঞ্জীয়নৰ সবিশেষ৷ এনে বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে চৰকাৰ তথা উত্তৰাখণ্ডৰ আয়ুৰ্বেদ বিভাগে ৷ 


উত্তৰাখণ্ডৰ আয়ুৰ্বেদৰ অনুজ্ঞাপত্ৰ বিভাগৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছে যে, পতঞ্জলিয়ে কেৱল ৰোগ প্ৰতিৰোধী শক্তিবৰ্ধক আৰু জ্বৰ-কাহৰ দৰৱ প্ৰস্তুতৰ বাবেহে অনুজ্ঞাপত্ৰৰ আবেদন জনাইছিল ৷ তেওঁলোকে কৰ’নাৰ দৰবৰ কথা অনুজ্ঞাপত্ৰৰ কথা উল্লেখ কৰা নাছিল ৷

বিষয়াগৰাকীয়ে প্ৰকাশ কৰা এই তথ্যই কোম্পানীটোৰ জালিয়াতিৰ কথা পোহৰলৈ আনিলে৷ উল্লেখ্য যে, কালি পতঞ্জলিয়ে ‘কৰ’নিল আৰু শ্বসৰী’ নামেৰে কৰ’নাৰ দৰবৰ এটি কিট মুকলি কৰিছিল৷ ইয়াৰ প্ৰয়োগৰ জৰিয়তে এসপ্তাহতে মহামাৰী এশ শতাংশ আৰোগ্য হয় বুলি দাবী কৰা হৈছিল৷ কিন্তু শেহতীয়াকৈ উত্তৰাখণ্ডৰ আয়ুৰ্বেদৰ অনুজ্ঞাপত্ৰ বিভাগৰ বিষয়া ৱাই এছ ৰাৱটে প্ৰকাশ কৰিছে যে, জ্বৰ-কাহ তথা ৰোগ প্ৰতিৰোধী শক্তিবৰ্ধক ঔষধ প্ৰস্তুতৰ বাবে অনুজ্ঞাপত্ৰ বিচাৰি কৰা আবেদনৰ আধাৰত প্ৰদান কৰা হৈছিল অনুজ্ঞাপত্ৰ ৷ আবেদনত কৰ’না ভাইৰাছৰ কথা উল্লেখ কৰা হোৱা নাছিল৷ কোম্পানীটোৱে ক’ৰপৰা এই দৰব প্ৰস্তুতৰ অনুমোদন পালে সেই কথা জনাৰ বাবে কোম্পানীটোলৈ জাননী জাৰি কৰা হ’ব বুলি প্ৰকাশ কৰিছে বিষয়াগৰাকীয়ে৷

ইফালে আয়ুস মন্ত্ৰণালয়ৰ মন্ত্ৰী শ্ৰীপদ নায়কেও এনে দৰব প্ৰস্তুতৰ বাবে মন্ত্ৰণালয়ৰ টাস্ক ফ’ৰ্চৰ নিৰীক্ষণৰ মাজেৰে যাবই লাগিব বুলি স্পষ্ট কৰি দিছে আৰু কোম্পানীটোক তেওঁলোকৰ গৱেষণা সম্পৰ্কীয় সকলো তথ্য মন্ত্ৰণালয়ক জমা দিবলৈ নিৰ্দেশ দিছে৷ ক’ত, কেতিয়া তেওঁলোকে গৱেষণা কৰিছিল আৰু ইয়াৰ ফলাফলৰ সবিশেষ জনাব লাগিব পতঞ্জলিয়ে ৷উল্লেখ্য যে, নীতি-নিয়ম উলংঘাৰে ক’ভিডৰ দৰব বুলি দাবী কৰা কৰ’নিলৰ বিজ্ঞাপন বন্ধ কৰি দিয়া হৈছে ৷ অনুমোদন নোহোৱা পৰ্যন্ত ইয়াক বিক্ৰীও কৰিব নোৱাৰিম কোম্পানীটোৱে৷

No comments:

Post a Comment

SPONSORED