দক্ষিণ শালমাৰা-মানকাচৰত বানপানীৰ ভয়াৱহ ৰূপ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, July 15, 2020

দক্ষিণ শালমাৰা-মানকাচৰত বানপানীৰ ভয়াৱহ ৰূপ

  • দক্ষিণ শালমাৰা-মানকাচৰত বানপানীৰ ভয়াৱহ ৰূপ
  • বিধ্বস্ত হ'ব পাৰে ভাৰত-বাংলা সীমান্ত পথ
  • কালিৰ আলগা সীমান্ততো আতংকিত ৰাইজ


মানকাচৰ : দক্ষিণ শালমাৰা মানকাচৰ জিলাত ক্ৰমাত বানে জটিল ৰূপ ধাৰণ কৰিছে । জিলাখনৰ সুখচৰ অঞ্চলৰ প্ৰায় ৮০ শতাংশ গাঁও ইতিমধ্যে জলমগ্ন হৈ পৰিছে। বানৰ তাণ্ডৱে সৃষ্টি কৰা বিভীষিকাময় পৰিস্থিতিৰ মাজতেই কালিৰ আলগাত দেখা গৈছে এক আতংকময় পৰিৱেশ।

ভাৰত-বাংলা সীমান্ত পথ তথা বান্ধে ঘেৰি ৰাখিছে জিলা সদৰ হাটশিঙিমাৰী তথা মানকাচৰৰ বৃহত্তৰ অঞ্চল। এনে সন্ধিক্ষণত কালিৰ আলগা সীমান্ত পথত তথা বান্ধত সুৰুঙা সৃষ্টি হোৱাত জিলা সদৰবাসীৰ মাজত ব্যাপক আতংকই বিৰাজ কৰিছে। অবশ্যে জিলা প্ৰশাসনে এইক্ষেত্ৰত তৎপৰতা চলোৱা পৰিলক্ষিত হৈছে।

এনে বিভিষিকাময় পৰিস্থিতিৰ বুজ ল’বলৈ ৰাজনৈতিক নেতা সকলেও পিছ পৰি নাথাকিল। মঙলবাৰে মানকাচৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা যুৱ নেতা জাবেদ ইছলামে উক্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে আতংক নহ'বলৈ ৰাইজক আহ্বান জনায়৷

No comments:

Post a Comment

SPONSORED