অখিলৰ গগৈৰ মুক্তিৰ দাবীত কলগাছিয়াত প্ৰতিবাদ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, July 15, 2020

অখিলৰ গগৈৰ মুক্তিৰ দাবীত কলগাছিয়াত প্ৰতিবাদ

কলগাছিয়া : কৃষক নেতা অখিল গগৈসহ 'কা' বিৰোধী কাৰাবন্দী নেতাসকলক বিনাচৰ্তে মুক্তি প্ৰদান আৰু উপযুক্ত চিকিৎসাৰ দাবীত কলগাছিয়া মহকুমা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ আহ্বানত অঞ্চলটোৰ সচেতন ৰাইজে কলগাছিয়া বজাৰলৈ ওলাই আহি ষ্টেট বেংক চুকত মানৱ শৃঙ্খল গঢ়ি তুলি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।



প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰি ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে অভিযোগ উত্থাপন কৰি কয়", চৰকাৰে ইচ্ছকৃতভাৱে অৱহেলা আৰু ষড়যন্ত্ৰ কৰি অখিল গগৈৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটাই তিলে তিলে হত্যাৰ হত্যাৰ ষড়যন্ত্ৰ কৰি এতিয়া চিকিৎসাৰ বাবে বিশেষজ্ঞ সমিতি গঠন কৰি দায়িত্ব সঠিকভাৱে পালন কৰাৰ ভাও জুৰি ৰাইজক আভুৱা ভাৰিব বিচাৰিছে! যাতে অখিল গগৈৰ কিবা এটা দুৰ্ঘটনা হলে তাৰ পৰা চৰকাৰে সাত সাৰিব পাৰে তাৰ বুদ্ধি কৰিছে"।

কৃষক নেতা অখিল গগৈ ৰাজনৈতিক আক্ৰোশৰ বলি হৈছে বুলি অভিযোগ উত্থাপন কৰাৰ লগতে অতি শীঘ্ৰে অখিল গগৈৰ উপযুক্ত চিকিৎসা আৰু অখিল গগৈসহ 'কা' বিৰোধী সকলো কাৰাবন্দীক বিনাচৰ্তে মুক্তিৰ দাবী সজোৰে উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।

অখিল গগৈক মুক্তি দিয়ক, ধৈৰ্য কোঁৱৰক মুক্তি দিয়ক, বিতু সোণোৱালক মুক্তি দিয়ক, অখিল গগৈক উপযুক্ত চিকিৎসা প্ৰদান কৰক, অখিল গগৈক হত্যা কৰিবলৈ দিয়া নহব, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী হুচিয়াৰ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ আদি শ্লোগানেৰে উতলা প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী কাৰ্যসূচীত কালগাছিয়া মহকুমা কৃষক মুক্তিৰ সভাপতি অজমান আলি আহমেদ, সম্পাদক ৰফিকুল ইছলাম, জিলা ছাত্ৰ মুক্তিৰ উপ-সভাপতি শ্বাহনুৰ ইছলাম, সাংগঠনিক সম্পাদক আল আমিন, কলগাছিয়া মহকুমা ছাত্ৰ মুক্তিৰ সভাপতি ফিৰোজ আনোৱাৰা, খন্দকাৰ আশ্ৰাফুল আলম আদিৰ লগতে শতাধিক লোক অংশগ্ৰহণ কৰে।

No comments:

Post a Comment

SPONSORED