প্ৰতিবেদন ২: দক্ষিণ শালমাৰা-মানকাচৰ জিলা কৃষি বিভাগত বৃহৎ পাম্পছেট কেলেংকাৰী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 16, 2020

প্ৰতিবেদন ২: দক্ষিণ শালমাৰা-মানকাচৰ জিলা কৃষি বিভাগত বৃহৎ পাম্পছেট কেলেংকাৰী

  • মোজাম্মেল নহয়, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কোন এই স্বয়ম্ভু ডি এ অ?
  • কোন কোন ঠিকাদাৰ-দালালে অলপতেই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?
  • তদন্ত হ’বনে কৃষি বিভাগৰ এই কেলেংকাৰীৰ?


মানকাচৰ : কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে কৃষি বিভাগত ৰূপায়ণ কৰা আঁচনিৰ প্ৰায়বোৰ আঁচনিতেই দুর্নীতিৰ অভিযোগত সাঙোৰ খাইছে দক্ষিণ শালমাৰা জিলা কৃষি বিষয়া মোজাম্মিল হ'কে। তাকেলৈ জিলাখনত চলিছে বৰ্তমান তীব্র প্রতিক্রিয়া।৷
শেহতীয়াকৈ মুখ্যমন্ত্রীৰ কৃষি সা-সঁজুলি যোজনা আঁচনিৰ নামত অভিযোগ উঠিছে ব্যাপক লুণ্ঠনৰাজৰ কথা । কেৱল চৰকাৰী কাগজে-কলমে চলাই থকা হৈছে কোটি কোটি টকাৰ এই আঁচনি৷ অভিযোগ মতে, দুর্নীতিগ্রস্ত কৃষি বিষয়া তথা ঠিকাদাৰসকলে আঁচনিৰ নামত অবাধ লুণ্ঠনেৰে নোদোকা হোৱা পৰিলক্ষিত হৈছে৷ ফলত জিলাখনৰ প্রকৃত কৃষক ৰাইজক বঞ্চিত কৰি কৃষি বিভাগৰ বিষয়াসকলৰ আশীর্বাদপুষ্ট একাংশ ভুৱা কৃষক, ভূৱা গোট আৰু মধ্যভোগী দালালসকলে যথেষ্ট পৰিমাণে সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছে৷
লক্ষণীয় যে,বিভাগৰ বিভিন্ন আঁচনিৰ জৰিয়তে চৰকাৰে যোগান ধৰা ট্রেক্টৰ, পাৱাৰটিলাৰ, মৰণামৰা যন্ত্র, পাৱাৰ পাম্প, চেল, টিউৱেল, ইলেক্ট্রিক পাম্প, স্প্রে মেচিন, বিভিন্ন শস্যৰ বীজ আদি নব্বৈ শতাংশ প্রকৃত কৃষকেই লাভ কৰা নাই৷
কৃষি কার্যৰ বাবে বিভিন্ন আঁচনিৰ জৰিয়তে দিয়া ধনো প্রকৃত কৃষকৰ সলনি বহু ভুৱা কৃষক আৰু ভুৱা গোটেই লাভ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷

একেদৰে গ্রাম্য আন্তঃগাঁথনি পুঁজি আঁচনিৰ অধীনত শতকৰা ৭৫ ভাগ ৰেহাই মূল্যত ডিজেলচালিত, বিদ্যুৎচালিত পাম্প আৰু ৮৫ শতাংশ ৰেহাই মূল্যত সৌৰচালিত পাম্প জলসিঞ্চনৰ বাবে দিয়াৰ ব্যৱস্থা আছে যদিও বিষয়া-আমোলা আৰু ঠিকাদাৰসকলে একাংশ দালালৰ সহযোগত প্ৰকৃত কৃষকক বঞ্চিত কৰি ব্যাপক অনিয়ম সংঘটিত কৰি আহিছে৷

জিলাখনৰ কৃষি বিভাগে উদ্যান শস্যৰ আঁচনিৰ অধীনত প্রতিটো বিত্তীয় বর্ষতেই কোটি কোটি টকাৰ আবণ্টন লাভ কৰি আহিছে যদিও এই আঁচনিৰ বাবে হিতাধিকাৰী নির্বাচনত ব্যাপক দুর্নীতি সংঘটিত হৈছে৷ জিলা কৃষি বিষয়াগৰাকীৰ সৈতে গোপন বুজাবুজিৰে একাংশ ভুৱা আৰু নিস্ক্ৰিয় উৎপাদক গোটেহে এই আঁচনিৰ বাবে আবণ্টিত ধন লাভ কৰি আহিছে৷ তদুপৰি যিমান মাটিত এই উদ্যান শস্য কৰা বুলি বিভাগীয় তথ্যত দেখুওৱা হয়, সেয়াও গোকাট মিছা বুলি অভিযোগ উত্থাপিত হৈছে৷ আমাৰ আনটো ষ্টুডিঅ’ত আছে সহযোগী মহিবুল মণ্ডল৷ দক্ষিণ শালমাৰা-মানকাচৰ জিলা কৃষি বিভাগত চলি থকা বৃহৎ পাম্পছেট কেলেংকাৰী শেহতীয়া প্ৰতিক্ৰিয়া কি সেয়া জনাওক৷
শেহতীয়া অভিযোগ মতে ঠিকাদাৰ বাচ্ছু আনছাৰীয়ে স্থানীয় বিধায় ডঃ মতিউৰ ৰহমান মণ্ডলৰ অতি ঘনিষ্ঠ হোৱাৰ সুবাদতে বিভিন্ন দালালৰ জৰিয়তে ভূৱা হিতাধিকাৰীৰ নাম সন্নিৱিষ্ট কৰি এই পাম্পছেট কেলেংকাৰীত সাঙোৰ খাই পৰিছে৷ অনুৰূপভাৱে ঠিকাদাৰ নালমিঞা মণ্ডলে দীৰ্ঘদিনৰ পৰাই জিলা কৃষি বিষয়া মোজাম্মেলৰ হকৰ সৈতে মিতিৰালিৰে প্ৰতিটো আঁচনিৰ ক্ষেত্ৰত মুখ্য দালালৰূপী ঠিকাদাৰৰ ভূমিকা পালন কৰি হকে-বিহকে সম্পত্তিৰ পাহাৰ গঢ়ি আহিছে৷ এইখিনিতে উল্লেখ কৰিব বিচাৰিছো যে এইগৰাকী নালমিঞাই হৈছে অঞ্চলটোৰ তথাকথিত জিলা কৃষি বিষয়া৷ কিয়নো নালমিঞা এগৰাকী স্বয়ম্ভু ডিএঅ’ হিচাপে অঞ্চলবাসীৰ মাজত জনাজাত৷ আনহাতে এইগৰাকী স্বয়ম্ভু জিলা কৃষি বিষয়াৰ গুৰুৰ ভূমিকা পালন কৰি আহিছে ইস্তিয়াক আহমেদ ওৰফে লাকী৷ লাকীৰ ঘৰৰ পৰাই জিলাখনৰ এই কোটিটকীয়া পাম্পছেট কেলেংকাৰী পৰিচালিত হয়৷ ইপিনে জনৈক নাণ্টু ঠিকাদাৰেও এই কেলেংকাৰীত ওতঃপ্ৰোতভাৱে জড়িত বুলি সৰ্বজনবিদীত৷
এতিয়া প্ৰশ্ন হয়- প্ৰকৃত কৃষকক বঞ্চিত কৰি হকে-বিহকে সম্পত্তিৰ পাহাৰ গঢ়া এইসকলক বিষয়া-আমোলা, দালালৰূপী ঠিকাদাৰসকলে অপৰাধ অনুসন্ধান শাখা আৰু আয়কৰ বিভাগৰ তদন্তৰ আওতালৈ আহিবনে?
পৰৱৰ্তী প্ৰতিবেদনত আমি উল্লেখ কৰিম

  • প্ৰতিটো আঁচনিৰ চৰকাৰী নীতি-নিয়মক অনিয়মলৈ পৰিণত কিদৰে এইসকলক বিষয়া-আমোলা, দালালৰূপী ঠিকাদাৰসকলে লুণ্ঠনৰাজ অব্যাহত ৰাখিছে?
  • কোন ঠিকাদাৰে কিমান টকাৰ ভুৱা বিল বিভাগত দাখিল কৰিছে আৰু ইয়াৰে কিমান টকা আজিও মোকলাবলৈ সক্ষম হোৱা নাই?

No comments:

Post a Comment

SPONSORED