লক্ষণহীন ক’ভিড ৰোগী হোম কোৱাৰেণ্টাইন হ’বলৈ কি কি কৰিব লাগিব? - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 11, 2020

লক্ষণহীন ক’ভিড ৰোগী হোম কোৱাৰেণ্টাইন হ’বলৈ কি কি কৰিব লাগিব?


গুৱাহাটী : দৈনিক বৃদ্ধি পাই অহা ক’ৰোনা ৰোগীৰ সংখ্য়াই সকলোকে চিন্তিত কৰি তুলিছে। ৰাজ্য় চৰকাৰে কিয় হোম কোৱাৰেণ্টাইন কৰা নাই বুলি বহুতে প্ৰশ্ন উত্থাপন কৰিছে এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কোনো লক্ষণ নথকা অথবা অলপ লক্ষণ থকা লোকৰ বাবে হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে কিন্তু এই ক্ষেত্ৰত কিছু বাধ্যবাধকতা বান্ধি দিয়া হৈছে–
  • ওচৰ-চুবুৰীয়াৰ কোনো আপত্তি থাকিব নোৱাৰিব, ফ্লেটৰ বাসিন্দা হ’লেও ছচাইটিৰ কোনো আপত্তি থাকিব নোৱাৰিব।
  • ক’ৰোনাত আক্ৰান্ত লোকজনৰ ঘৰত বৃদ্ধ লোক থাকিব নোৱাৰিব, অসুখীয়া লোকো থাকিব নোৱাৰিব।
  • তেওঁ নিজে ক্ৰয় কৰিব লাগিব পালচ জোখা মেচিন
  • তেওঁৰ এজন ব্যক্তিগত ডাক্টৰ থাকিব লাগিব যাৰ জৰিয়তে প্ৰতি ৩ঘণ্টাৰ মূৰে মূৰে পালচ সন্দৰ্ভত আলোচনা কৰিব পাৰে।
  • আক্ৰান্ত লোকজনৰ পালচ যদি ৯৫ৰ তললৈ আহে তেন্তে নিজৰ গাড়ীৰে GMCHলৈ অহাৰ ব্যৱস্থা থাকিব লাগিব

এই চৰ্তসমূহ লিখিতভাৱে চৰকাৰক জনালেই আক্ৰান্ত লোকজন থাকিব পাৰিব হোম কোৱাৰেণ্টাইনত। সংবাদমেলত এই কথা স্পষ্ট কৰিলে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

No comments:

Post a Comment

SPONSORED