ম্যনমাৰত নিৰাপত্তা বাহিনীৰে হোৱা গুলীয়াগুলীত ৬ নগা উগ্ৰপন্থী নিহত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 11, 2020

ম্যনমাৰত নিৰাপত্তা বাহিনীৰে হোৱা গুলীয়াগুলীত ৬ নগা উগ্ৰপন্থী নিহত

গুৱাহাটী: ম্যানমাৰ সীমান্তত আজি ৬ নগা উগ্ৰপন্থী নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয়৷ শনিবাৰে পুৱাৰ ভাগতে অৰুণাচল প্ৰদেশৰ এক ঘন অৰণ্যত বাহৰ পাতি থকা উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাইছিল আৰক্ষীয়ে৷


ভাৰতীয় পেৰা মিলিটেৰী আৰু আৰক্ষী বাহিনীৰ দলে চলোৱা অভিযানটোত দুয়োপক্ষৰ মাজত হোৱা গুলীয়াগুলীৰ পাছত উগ্ৰপন্থীকেইজন নিহত হোৱাৰ কথা প্ৰকাশ কৰিছে অৰুণাচলৰ আৰক্ষী প্ৰধান আৰ পি উপাধ্যায়ে৷ ঘটনাটোত এজন জোৱান আহত হৈছিল যদিও বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে৷

ইপিনে উগ্ৰপন্থীকেইজনৰপৰা ৬ টা ৰাইফল, ৫০০ জাই গুলী আৰু দুটা বোমাও উদ্ধাৰ কৰে আৰক্ষীয়ে৷ নিহত উগ্ৰপন্থীকেইজন এনএছচিএন-ৰ সদস্য় আছিল৷ উল্লেখ্য যে, পৃথক নাগালেণ্ডৰ দাবীত এনএছচিএন-এ বিগত বহুবছৰ ধৰি সন্ত্ৰাসমূলক কাৰ্য-কলাপ চলাই আহিছে৷ অৰুণাচল হৈ ম্যানমাৰত ঘাটি পাতি আছে এই উগ্ৰপন্থী সংগঠনটোৱে৷

No comments:

Post a Comment

SPONSORED