শিক্ষক সকলো তেজ মাংসৰে মানুহ... - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 12, 2020

শিক্ষক সকলো তেজ মাংসৰে মানুহ...


✍ এন হক (জান)
মানৱ জীৱনৰ আদিৰ পৰা অন্তলৈ প্ৰতিটো খোজতে শিক্ষকৰ অৱদান অনস্বীকাৰ্য্য। এখন দেশৰ মেৰুদণ্ড নিৰ্মাণ কৰে শিক্ষকে। ঠেলাচালকৰ পৰা ৰাষ্ট্ৰপ্ৰধানলৈ সকলোৰে জীৱনত ক'ত নহয় ক'ৰবাত এগৰাকী শিক্ষকৰ অৰিহণা নিশ্চয় আছে। সেইবাবেই হয়তো পৃথিৱীৰ ভিতৰত সন্মানৰ সুউচ্চ চূড়াত স্থান দিয়া হৈছে শিক্ষকক। কিন্তু এইবোৰ কিতাপৰ পৃষ্ঠাতেই যেন আৱদ্ধ।

বাস্তৱ ক্ষেত্ৰত বিভিন্ন সময়ত মহাজ্ঞানীসকলে এই শিক্ষকসকলোক লৈ বিষাদগাৰ কৰা সৰ্বজনবিদীত । সেই মহাজ্ঞানীজনে হয়তো পাহৰি গৈছে যে তেখেতৰ মহাজ্ঞান প্ৰাপ্তিতো কোনোবা এগৰাকী শিক্ষকৰ হাত আছে। ৰাজনৈতিক নেতাবোৰে নিজৰ মুনাফা আদায়ৰ বাবে এনে মন্তব্য কৰাটো মানি ল'ব পৰা গলেও গণতন্ত্ৰৰ চতুৰ্থ স্থম্ভ বুলি কোৱা সংবাদ মাধ্যমৰ এখন আগশাৰীৰ কাকতৰ সম্পাদকে শিক্ষকক অপমানসূচক শব্দ প্ৰয়োগে তেখেতৰ মানসিকতা উদঙাই দিয়া অনুমান হ'ল।

যোৱা ১১ জুলাই তাৰিখত প্ৰকাশিত প্ৰতিদিন কাকতৰ সম্পাদকীয় পৃষ্ঠাত "প্ৰতিদিন সম্পাদনা মেজৰ পৰা" শিতানত সম্পাদকীয় কলমত "বাৰ্তা" নামৰ যি স্তম্ভ প্ৰকাশ পাইছে তাত শিক্ষক সকলক তাচ্ছিল্য কৰাই নহয় উদ্দ্যেশ্যপ্ৰণোদিতভাবে অপমান মনোভাব প্ৰকাশ কৰা বোধ হ'ল। শিক্ষকসকল অকল শিক্ষাৰ লগতে জড়িত নহৈ প্ৰশাসনিক বিভিন্ন কামত আগৰ পৰাই সহযোগ কৰি থকা দেখিছোঁ। উদাহৰণ হিচাপে ক'ব পাৰি, লোক গণনা, ভোটগ্ৰহণ, ভোট গণনা আনকি এন আৰ চিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়তো সহযোগ আগবঢ়াই আহিছে।

প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানীৰ সময়তো শিক্ষকসকলে নিষ্ঠাৰে দ্বায়িত্ব পালন কৰি আহিছে। ভাল খবৰ বিচাৰি নোপোৱা সম্পাদকগৰাকীৰ ওচৰত জানিব মন গৈছে এইবোৰ ভাল খবৰ নহনে ?
এ চি ৰুমত বহি মহৎবাণী প্ৰচাৰ কৰা বহু সহজ। উক্ত কলম পঢ়ি অনুমান হৈছে শিক্ষকসকলৰ প্ৰতি তেখেতৰ জ্ঞান তেনেই কম। কাৰণ তেখেতে কোৱাৰ দৰে শিক্ষকে ঘৰত বহি বহি দৰমহা খাই থকা কথাষাৰে তাকেই প্ৰমাণ কৰিছে। এতিয়াও দেশৰ এই সন্ধিক্ষণত ৰাজ্যত বিভিন্ন কোৱাৰেইণ্টাইন চেণ্টাৰত বহু শিক্ষকে সেৱা আগবঢ়াই আছে। সেইবোৰ ভাল খবৰ কিয় বাহিৰৰ দেশলৈ লৈ যাব নোৱাৰে। বহু শিক্ষকে অনলাইন ফোনকল, ভিডিঅ' কল, কনফাৰেন্স কল, হুৱাটচ এপ আদিৰ জৰিয়তেও ছাত্ৰ-ছাত্ৰীৰ সৈতে শিক্ষামূলক সমন্বয় ৰক্ষা কৰি আছে। তথাপি হেনো শিক্ষক সকলে ঘৰতে খেতি কৰি, অন্যান্য কাম কৰি, বহি সময় পাৰ কৰা কথাষাৰে তেখেতৰ গাৰ পিৰপিৰণি যেন বোধ হ'ল।

ক'ৰ'নাৰ আক্ৰমণৰ ফলত দেশত লকডাউন ঘোষণা কৰাৰ আগতে দূৰণিত সেৱা কৰা কিছু শিক্ষক ঘৰলৈ আহি আৰু যাব নোৱাৰা হয়। সেই শিক্ষকসকলে (সকলো নহয়) কিছুমানে ঘৰৰ ওচৰৰ দুই এজনক সহায় কৰা, ম'বাইলত ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ সৈতে মত বিনিময় চলাই আছে। এইখিনিৰ পিছতো শিক্ষকৰ প্ৰতি এনে চৰম ব্যৱহাৰে শিক্ষকৰ মনোবল নাভাঙিবনে?

শিক্ষক সকলো তেজ মাংসৰে মানুহ। লকডাউন শিথিল কৰা পিছত দূৰৰ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ প্ৰতি থকা সু-হৃদয়তাই হওক বা দ্বায়িত্ববোধৰ বাবেই হওক বহু শিক্ষকে কৰ্মস্থলীলৈ গৈ বিপদত পৰি ঘূৰি আহিবলগা হৈছে। কাৰণ ভাড়াঘৰৰ মালিকে ঘৰত প্ৰৱেশ কৰাত বাধা দিছে। কাৰণ প্ৰাণৰ মমতা সিহঁতৰ। শিক্ষকৰ জানো প্ৰাণ নাই! সাংবাদিকতাও শিক্ষকতাৰ দৰেই পৱিত্ৰ। আমি সন্মান কৰোঁ। বিশ্বাস কৰোঁ। অকল টি আৰ পিৰ আশাৰে এনেদৰে ইয়াক হালধীয়াকৰণ নকৰিব। সত্যৰ বাবে কলম চলাওক। কোৱা হয় তৰোৱালতকৈ কলমৰ শক্তি বেছি। দেশ পৰিৱৰ্তন কৰিব পাৰে কলমে।
ফোন নং : +91 91018 28159


(আপুনি এই লেখাটো পঢ়ি কেনে পালে? তলৰ কমেণ্ট বাকচত মতামত জনাবলৈ নাপাহৰিব৷ লগতে আপুনিও পঠিয়াব পাৰে আপোনাৰ প্ৰৱন্ধ, গল্প, কবিতা, চিন্তা ইত্যাদি৷ আমি প্ৰকৰাশ কৰিম আপোনাৰ মনৰ বতৰা৷
আপোনাৰ লেখাসমূহ প্ৰেৰণ কৰকঃ
ই-মেইল : sangbadprahari@gmail.com
নতুবা
হোৱাটচএপ : +917578801008)

No comments:

Post a Comment

SPONSORED