গুৱাহাটী : কৃষক নেতা অখিল গগৈ ক'ৰোণাত আক্ৰান্ত হোৱাৰ পিছতো আৰু গুৰুতৰভাৱে অসুস্থ হোৱা অখিল গগৈৰ বেমাৰক লৈ সোণোৱাল চৰকাৰে ভয়ংকৰ আৰু নিকৃষ্ট ৰাজনীতি কৰিবলৈ নেৰিলে বুলি অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। অভিযোগ উত্থাপন কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে সোণোৱাল চৰকাৰক ধিক্কাৰ জনাই কয়-
"কোনো ক'ৰোণা ৰোগীৰ চিকিৎসাৰ বাবে বিশেষজ্ঞ সমিতি গঠন কৰিবলগীয়া হোৱা নাই! কিন্তু চিকিৎসালয়ত ভৰ্তি কৰাৰ পূৰ্বেই অখিল গগৈৰ চিকিৎসাৰ বাবে বিশেষজ্ঞ সমিতি গঠন কৰা হল। অখিলক মৰম কৰি গুৰুত্ব প্ৰদান কৰি চৰকাৰে এয়া কৰিছে বুলি কব নোৱাৰি! সকলোৱে জানে অখিল গগৈৰ প্ৰতি এই চৰকাৰৰ আক্ৰোশমূলক দৃষ্টিভঙ্গীৰ কথা! কেনেকৈ ইটোৰ পিছত সিটো ভুৱা গোচৰ জাপি দি তেওঁক দীৰ্ঘদিন কাৰাবন্দী কৰি ৰাখি চিকিৎসাহীনভাৱে তিলে তিলে মৃত্যৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰ কৰিছে!
তেনে স্থলত অখিল গগৈৰ চিকিৎসাৰ বাবে বিশেষজ্ঞ সমিতি গঠন কৰাৰ কথাই যথেষ্ট ৰহস্যৰ সৃষ্টি কৰিছে। হয়তো অখিল গগৈ কিছুদিন পূৰ্বেই ক'ৰোণাত আক্ৰান্ত হৈছে আৰু তেওঁৰ স্বাস্থ্য আমি ভবাতকৈও বহুত বেছি গুৰুতৰ হৈ পৰিছে!
আচলতে চৰকাৰে ইচ্ছকৃতভাৱে অৱহেলা আৰু ষড়যন্ত্ৰ কৰি অখিল গগৈৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটাই তিলে তিলে হত্যাৰ হত্যাৰ ষড়যন্ত্ৰ কৰি এতিয়া চিকিৎসাৰ বাবে বিশেষজ্ঞ সমিতি গঠন কৰি দায়িত্ব সঠিকভাৱে পালন কৰাৰ ভাও জুৰি ৰাইজক আভুৱা ভাৰিব বিচাৰিছে! যাতে অখিল গগৈৰ কিবা এটা দুৰ্ঘটনা হলে তাৰ পৰা চৰকাৰে সাত সাৰিব পাৰে তাৰ বুদ্ধি কৰিছে!
আশা কৰিছো আমাৰ আশংকা ভুল বুলি প্ৰমাণিত হওক। যদিহে কৃষক নেতা অখিল গগৈৰ কিবা হবলগীয়া হয় তেন্তে সৰ্বা-হিমন্তৰ দল আৰু চৰকাৰ ৰাইজৰ খং-ক্ষোভত সম্পূৰ্ণ জাহ যাব! ক্ষমতাই মূৰত ধৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা উপলব্ধি কৰা উচিত।
গুৰুতৰভাৱে অসুস্থ হোৱা অখিল গগৈক আবেলি ৫ বজাৰ পৰা কাৰাগাৰত ৰখাই ৰখাই নিশা ১২ টা বজাৰ পিছতহে GMCH লৈ কিয় আনিলে ? একমাত্ৰ মানসিক অত্যাচাৰ কৰিবলৈকে নহয় নে? নে সংবাদ মাধ্যমৰ পৰা অখিল গগৈৰ স্বাস্থ্যৰ গুৰুতৰ অৱস্থা লুকাই ৰাখি চিকিৎসালয়ত গোপনে ভৰ্তি কৰাৰ ষড়যন্ত্ৰ আছিল? এবাৰ চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছততো ক'ৰোণাৰ অজুহাতত তাত অখিল গগৈৰ স্বাস্থ্যৰ বুজ লোৱাৰ বাবে তেওঁৰ পৰিয়ালৰ লোকক নতুবা খবৰ লবলৈ কোনো সাংবাদিকক প্ৰৱেশ কৰিব নিদিব।
অখিল গগৈৰ স্বাস্থ্যৰ অৱস্থাক লৈ ৰাইজে উদ্বিগ্ন হৈ আছে। অতি শীঘ্ৰে অখিল গগৈৰ স্বাস্থ্য সম্পৰ্কে অসম চৰকাৰ আৰু স্বাস্থ্য বিভাগে সকলো কথা ৰাজহুৱাভাৱে স্পষ্ট কৰিব লাগে। চিকিৎসক সকলৰ বিশেষজ্ঞ সমিতিয়েও অখিল গগৈৰ সাম্প্ৰতিক স্বাস্থ্য সম্পৰ্কে ৰাজহুৱা কৰি অসমৰ ৰাইজক আশ্বস্ত কৰিব লাগে।
No comments:
Post a Comment