বিধায়ক জাকিৰ হুছেইন শিকদাৰক চাইনীজ সামগ্ৰীৰ সৈতে তুলনা৷ কিন্তু কোনে আৰু কিয় কৰিলে এই তুলনা? - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 13, 2020

বিধায়ক জাকিৰ হুছেইন শিকদাৰক চাইনীজ সামগ্ৰীৰ সৈতে তুলনা৷ কিন্তু কোনে আৰু কিয় কৰিলে এই তুলনা?

  • স্বাধীনোত্তৰ কালৰ ৰাস্তাই দুৰ্ভোগ ভোগাইছে জনসাধাৰণক
  • সৰুক্ষেত্ৰীত ৰাইজৰ টকাৰে নিৰ্মাণ হৈ আছে বাহৰ সাঁকো


সৰুক্ষেত্ৰী : স্বাধীনতাৰ পূৰ্বৰ এখন ৰাস্তা। বৰ্তমান এই ৰাস্তাটোৱে যমৰ যাতনাত ভোগাইছে সৰ্বসাধাৰণক। আঁচনিৰ ওপৰত আঁচনি। তথাপিও ঠায়ে ঠায়ে এককাল পৰ্যন্ত পানী। এই বিশেষ ৰাস্তাখন পিছে ক'ৰ জানেনে? এইখন ৰাস্তা আছে সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত পশ্চিম বেতবাৰী গাওঁ পঞ্চায়তৰ এলেকাধীন বৰবালা গাঁৱত। স্বাধীনোত্তৰ কালৰে পৰা থকা এই ৰাস্তাটো বৰবালা হৈ কদমগুৰীলৈ গৈছে। বৰবালা বজাৰ, বৰবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বেতবাৰী বৰবালা দাৰুল উলুম মাদ্ৰাছা, এ কে মেম'ৰিয়েল জাতীয় বিদ্যালয়, ভেল'ছিটি নৱনূৰ জাতীয় বিদ্যালয়ৰ লগতে আৰু বহুকেইখন বিদ্যালয়-মহাবিদ্যালয়ৰ শ-শ ছাত্ৰ-ছাত্ৰীৰ লগতে দৈনিক হাজাৰ হাজাৰ পথচাৰী উক্ত ৰাস্তাৰে অহা-যোৱা কৰে। কেইবাবাৰো এম জি এন ৰেগাৰ আঁচনিয়ে ঢুকি পোৱা এই ৰাস্তাখনত বানপানী আহিলেই এককাল পৰ্যন্ত পানী হোৱাটো অতি দুৰ্ভাগ্যজনক তথা পৰিতাপৰ বিষয় হৈ পৰিছে। স্থানীয় ৰাইজে এতিয়া ঘৰে ঘৰে গৈ বাহ সংগ্ৰহ কৰি সাঁকো নিৰ্মাণ কৰি আছে। উক্ত ৰাস্তাটো পৰিদৰ্শন কৰি সৰুক্ষেত্ৰীৰ ছাত্ৰনেতা মনিৰুজ জামানে আক্ষেপ প্ৰকাশ কৰি কয় যে, স্বাধীনতাৰ ইমান বছৰ পিছতো সৰুক্ষেত্ৰীত এনেকুৱা ৰাস্তা থকাটো দুৰ্ভাগ্যজনক। তেওঁ সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰক ওভতি ধৰি কয় যে, জাকিৰ হুছেইন শিকদাৰে কথাৰ ফুলজাৰি মৰাৰ সলনি সৰুক্ষেত্ৰীৰ ৰাস্তা-ঘাটৰ কাম কৰি দেখাওঁক। মনিৰুজ জামানে বিধায়ক জাকিৰ হুছেইন শিকদাৰে কথা চহকী হোৱা বাবে তেওঁক 'চাইনীজ সামগ্ৰী' আখ্যা দিয়ে।

No comments:

Post a Comment

SPONSORED