বৰপেটা : কৃষক নেতা অখিল গগৈসহ 'কা' বিৰোধী কাৰাবন্দী নেতাসকলক বিনাচৰ্তে মুক্তি প্ৰদান আৰু উপযুক্ত চিকিৎসাৰ দাবীত আজি জাহোৰপাম আঞ্চলিক ছাত্ৰ মুক্তিৰ আহ্বানত অঞ্চলটোৰ ৰাইজে জাহোৰপাম বজাৰলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
অখিল গগৈক মুক্তি দিয়ক, ধৈৰ্য কোঁৱৰক মুক্তি দিয়ক, বিতু সোণোৱালক মুক্তি দিয়ক, অখিল গগৈক উপযুক্ত চিকিৎসা প্ৰদান কৰক, অখিল গগৈক হত্যা কৰিবলৈ দিয়া নহব আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ন কৰে।
প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম, শিক্ষা সম্পাদক বাবুল হুছেইন আৰু জিলা সাংগঠনিক সম্পাদক আল আমিনে অংশগ্ৰহণ কৰে।
No comments:
Post a Comment