কৃতী শিক্ষাৰ্থীলৈ উদীয়মান কবি জাহাঙ্গীৰ আলমৰ সম্বৰ্ধনা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 24, 2020

কৃতী শিক্ষাৰ্থীলৈ উদীয়মান কবি জাহাঙ্গীৰ আলমৰ সম্বৰ্ধনা

কলগাছিয়া : এইবেলি CBSEৰ দশম শ্ৰেণীৰ ঘোষিত ফলাফলত খৰিচালা অঞ্চললৈ সুনাম কঢ়িয়াই অনে ক্ৰমে আব্দুলা আৰু শাহনাছ সেমিমা ৷ দুয়োকে তেওঁলোকৰ ঘৰত গৈ সম্বৰ্ধনা জনোৱা হয়৷


আব্দুলা ৯৪% আৰু শাহনাছ সেমিমা ৯৪.৬% নম্বৰ পাবলৈ সক্ষম হয় আৰু তেওঁলোক দুয়ো সৰভোগৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আছিল৷ এই দুইজন ছাত্ৰছাত্ৰীক উৎসাহিত কৰাৰ বাবে নিজস্বকৈ সম্বৰ্ধনা আগবঢ়ায় স্থানীয় যুৱক তথা উদীয়মান কবি জাহাঙ্গীৰ আলমে৷ সম্বৰ্ধনাত গামোচা, কিতাপ, শৰাই আৰু এটাকৈ কলম দিয়া হয়৷


সম্বৰ্ধনাৰ জনোৱাৰ মুহূৰ্তত উপস্থিত থাকে খৰিচালা জ্ঞানজ্যোতি একাডেমিৰ উপাধ্যক্ষ ছাইফুল ইছলাম আৰু শাহনাছ সেমিমা তেওঁৰে একমাত্ৰ কন্যা আৰু লগতে উপস্থিত থাকে ক্ৰমে খৰিচালা আৰ চি ই এছ মডেল স্কুলৰ সহকাৰী শিক্ষক গোলাম মস্তোফা, খৰিচালা জ্ঞানজ্যোতি একাডেমিৰ সহকাৰী শিক্ষক শাজাহান আলী আৰু নুৰুল আমিন৷

No comments:

Post a Comment

SPONSORED