কয়াকুছিত নবীন কবি জাকিৰ হুছেইনৰ কাব্যসংকলন " সময়বোৰ ঘূৰি নাহক দুনাই" উন্মোচন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 22, 2020

কয়াকুছিত নবীন কবি জাকিৰ হুছেইনৰ কাব্যসংকলন " সময়বোৰ ঘূৰি নাহক দুনাই" উন্মোচন

কয়াকুছি : ঢাৰীনগৰী বুলি পৰিচিত কয়াকুছিৰ লৱাৰ আছাম একাডেমীত সোমবাৰে কবি তথা লেখক জাকিৰ হোছেইনৰ কাব্য সংকলন উন্মোচন কৰে বি. এইচ মহাবিদ্যালয়ৰ অসমীয়া সাহিত্য বিভাগৰ সহযোগী অধ্যাপক তথা বিশিষ্ট কবি, লেখক ডক্টৰ হেমন্ত ডেকাদেৱে। 


কাব্য গ্ৰন্থখন উন্মোচন কৰি ডেকাদেৱে কবিতাক সমাজ পৰিৱৰ্তনৰ এক শক্তিশালী মাধ্যম হিচাপে কেনেকৈ আগবঢ়াই লৈ যাব পাৰি আৰু কবিতাৰ সৃষ্টি আৰু নিৰ্মাণৰ গভীৰতা সম্পৰ্কে এক মননশীল ভাষণ প্ৰদান কৰে।শুভ উন্মোচনী অনুষ্ঠানটিত সভাপতিত্ব কৰে কবি, লেখক তথা অৱসৰপ্ৰাপ্ত শিক্ষক তালেবৰ ৰহমানে।ইয়াৰ উপৰিও অনুষ্ঠানটিত কয়াকুছি শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা কবি, লেখক ছিদ্দিকুৰ ৰহমান ,কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তথা কয়াকুছি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নুৰ হুছেইন,কয়াকুছি মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহযোগী অধ্যাপক তথা কয়াকুছি শাখা সাহিত্য সভাৰ সম্পাদক হান্নান আলী আহমেদ, কয়াকুছি প্ৰেছ গীল্ডৰ প্ৰতিষ্ঠাপক সভাপতি নজৰুল ইছলাম, কয়াকুছি প্ৰেছ গীল্ডৰ প্ৰতিষ্ঠাপক সম্পাদক ছফি আহমেদ, সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ ডাঙৰীয়া আদিয়ে বক্তব্য ৰাখে।

অনুষ্ঠানটিত উন্মোচক ডক্টৰ ডেকা দেৱ, কবি কৌশিক তালুকদাৰ, লেখক, সাহিত্যিক ছিদ্দিকুৰ ৰহমান,কবি এন হক জান আদিয়ে সাম্প্রতিক পৰিস্থিতিৰ সৈতে সামঞ্জস্য ৰাখি স্বৰচিত কবিতা পাঠ কৰে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত কবি বাবুল হোছেইন, কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভুগোল বিভাগৰ বিষয় শিক্ষক খাইৰুল ইছলাম, অৱসৰপ্ৰাপ্ত শিক্ষক মহম্মদ আলী শিকদাৰ, কয়াকুছি শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা কবি ডাক্টৰ আব্দুল কদ্দুচ শিকদাৰ, সমাজকৰ্মী মমতাজ জাহান তালুকদাৰ, কয়াকুছিৰ স্থানীয় সাংবাদিক ক্ৰমে, গোলাম ছাৰোৱাৰ আহমেদ,আব্দুল জলিল, মনমুল হক,তোতা মিঞা, নজৰুল ইছলাম আদি উপস্থিত থাকে।

No comments:

Post a Comment

SPONSORED