ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা শিক্ষকৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 20, 2020

ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা শিক্ষকৰ

কাছাৰ : এক কলংকিত ঘটনাৰ সাক্ষী সমগ্ৰ কাছাৰ৷ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰিবলৈ অপচেষ্টা জ্ঞান প্ৰদানকাৰী শিক্ষকৰ৷ ঘটনাটো সংঘটিত হৈছে কাছাৰ জিলাৰ কালাইনত৷ জানিব পৰামতে দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰী প্ৰতিদিনেই টিউচন কৰিবলৈ কৌশিক নাথৰ নামৰ শিক্ষকজনৰ ঘৰলৈ আহে৷


আন দিনাৰ দৰে আজিও ছাত্ৰীগৰাকী পুৱা টিউচন কৰিবলৈ শিক্ষক কৌশিক নাথৰ ঘৰত অহাৰ পাছত ছাত্ৰীগৰাকীক ধৰ্ষণ কৰাৰ অচেষ্টা চলায় পাষণ্ড শিক্ষক কৌশিকে৷ প্ৰায় এঘন্টাৰ পাছত ছাত্ৰীগৰাকী কৌশিকৰ ঘৰ পৰা কান্দি কান্দি বাহিৰলৈ আহি স্থানীয় ৰাইজক সমস্ত ঘটনাৰ বিবৰণ দাঙি ধৰে৷

পাছত উত্তেজিত ৰাইজে পাষণ্ড শিক্ষকজনক ধৰি-বান্ধি ৰাজপথলৈ আনি গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে শিক্ষকগৰাকীক৷ উল্লেখ্য যে কৌশিক নাথ কালাইন উচ্চতম মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষক৷

No comments:

Post a Comment

SPONSORED