মোদীৰ বিৰুদ্ধে মহাভিযোগ- প্ৰধানমন্ত্ৰী ‘ভুৱা ষ্ট্ৰংমেন’ : - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 20, 2020

মোদীৰ বিৰুদ্ধে মহাভিযোগ- প্ৰধানমন্ত্ৰী ‘ভুৱা ষ্ট্ৰংমেন’ :

নতুন দিল্লী : বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে নিজৰ তীক্ষ্ণ আক্ৰমণ অব্যাহত ৰাখিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। 

দেওবাৰে বিজেপিয়ে মিছাক ‘প্ৰাতিষ্ঠানিক’ ৰূপ দিয়া বুলি অভিযোগ কৰি ৰাহুলে মন্তব্য কৰিছিল যে, এই মিছাই সৃষ্টি কৰা ধূসৰতা আঁতৰি যোৱাৰ পাছত দেশে ইয়াৰ ফল ভোগ কৰিব লাগিব।

আজি পুনৰ ৰাহুলে প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ৰাহুলে অভিযোগ কৰে যে, প্ৰধানমন্ত্ৰী মোদীৰ ‘ষ্ট্ৰংমেন ইমেজ’ এতিয়া দেশৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা। এটা ভিডিঅ’ত ৰাহুলে অভিযোগ কৰে যে, ‘প্ৰধানমন্ত্ৰীয়ে ক্ষমতালৈ আহিবলৈ মিছা ষ্ট্ৰংমেন ইমেজ এটা সৃষ্টি কৰিছিল।

সেয়া তেওঁৰ আটাইতকৈ ডাঙৰ শক্তি। এতিয়া ই দেশৰ কাৰণে আটাইতকৈ ডাঙৰ দুৰ্বলতাত পৰিণত হৈছে।’ লাডাখৰ প্ৰসংগ উত্থাপনেৰে ৰাহুলে প্ৰধানমন্ত্ৰী মোদীক এনেদৰে সমালোচনা কৰে।

No comments:

Post a Comment

SPONSORED