NRCৰ সৈতে জড়িত ৫০ হাজাৰ বিষয়া–কৰ্মচাৰীলৈ ভাল খবৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 20, 2020

NRCৰ সৈতে জড়িত ৫০ হাজাৰ বিষয়া–কৰ্মচাৰীলৈ ভাল খবৰ

৩০ জানুৱাৰীত NRC কাৰ্যালয়ত হোৱা এক উচ্চস্তৰীয় বৈঠকৰ পিছতে NRC কৰ্তৃপক্ষই লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত


গুৱাহাটী : NRCৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ আছে ৰাজ্যৰ প্ৰায় ৫০ হাজাৰ বিষয়া–কৰ্মচাৰী৷ NRCৰে জড়িত হৈ থকা বিষয়া–কৰ্মচাৰীয়ে পোৱা নাছিল বদলি তথা পদোন্নতিৰ সুবিধা৷ পিছে সকলো হেঙাৰ এতিয়া আঁতৰিল। ৩০ জানুৱাৰীত NRC কাৰ্যালয়ত হোৱা এক উচ্চস্তৰীয় বৈঠকৰ পিছতে NRC কৰ্তৃপক্ষই লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷

সকলো জিলা উপায়ুক্তলৈ পত্ৰ লিখিছে NRCৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই৷ পত্ৰ দুখনত সমন্বয়ক শৰ্মাই NRCৰে জড়িত বিষয়া–কৰ্মচাৰীক পদোন্নতি, বদলি আদি যিখিনি প্ৰাপ্য সেইখিনি কৰি দিবলৈ দিছে নিৰ্দেশ৷ অৱশ্যে পুনৰ কাম আৰম্ভ হ'লে সেইসকল বিষয়া–কৰ্মচাৰী পুনৰ জড়িত হ'ব লাগিব বুলি কোৱা হৈছে পত্ৰ দুখনত৷

No comments:

Post a Comment

SPONSORED