হাতত বন্দুক তুলি ল’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 20, 2020

হাতত বন্দুক তুলি ল’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কাজিৰঙা : কাজিৰঙাত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ সোমবাৰে কৃষিমন্ত্ৰী অতুল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙক লগত লৈ মেচিন নাঁৱেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি বুজ লয় মন্ত্ৰীগৰাকীয়ে৷ 



কঁহৰা বনাঞ্চলৰ মিহিমুখৰ পৰা নাৱত উঠিবলৈ কাঠপাৰাত জীপছীৰে গৈ থকা অৱস্থাত পথৰ ওপৰত অৱস্থান কৰা এটা গঁড়ে পথ অৱৰোধ কৰাত অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হয়৷ অৱশ্যে বনকৰ্মীয়ে গঁড়টো আঁতৰাই পঠিয়াবলৈ সক্ষম হয়৷

ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে সতীৰ্থ মন্ত্ৰী আৰু বন বিভাগৰ উচ্চপদস্থ বিষয়াসহ মেচিন নাৱেৰে কঁহৰাৰ পৰা বাগৰি বনাঞ্চললৈ যাত্ৰা কৰে৷ মন্ত্ৰীগৰাকীয়ে কেইবাটাও বন শিবিৰ পৰিদৰ্শন কৰি বনকৰ্মীৰ লগত মত বিনিময় কৰে৷

মন্ত্ৰী শৰ্মাই মন্তব্য কৰে যে বনকৰ্মীৰ অস্ত্ৰ–শস্ত্ৰবিলাক সলনি কৰি থকা হৈছে৷ ৰাষ্ট্রীয় উদ্যানৰ হাইলেণ্ডসমূহে বানাক্ৰান্ত বন্যপ্ৰাণীৰ বাবে সহায়ক হৈছে বুলি তেওঁ মন্তব্য কৰে৷ লগতে তেওঁ মন্তব্য কৰে যে উপযুক্ত আঁচনি গ্ৰহণ কৰিলে কেন্দ্ৰই অসমৰ বান সমস্যাৰ বাবে পুঁজি যোগান ধৰিব৷

No comments:

Post a Comment

SPONSORED