অখিল গগৈৰ মুক্তিৰ দাবীত সুহাবিল দলনীত উত্তাল প্ৰতিবাদ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 25, 2020

অখিল গগৈৰ মুক্তিৰ দাবীত সুহাবিল দলনীত উত্তাল প্ৰতিবাদ

বৰপেটাৰ পৰা সেখ ৰহমত উল্লাহ :
দক্ষিণ বৰপেটাৰ চেঙা সমষ্টিৰ পাজাৰভাঙ্গা গাঁও পঞ্চায়তৰ অন্তৰ্গত সুহাবিল দলনীত আজি দিনৰ ১০ বজাত সামাজিক দূৰত্বৰ নিয়ম অৱলম্বন কৰি পাজাৰভাঙ্গা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মানৱ শৃংখলা গঢ়ি উত্তাল প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে৷ 


বানপানীৰ প্ৰকোপক নেওচি শতাধিক কৰ্মীয়ে সুহাবিল দলনীত উপস্থিত হয়৷ হাতে হাতে অখিল গগৈৰ মুক্তিৰ বিভিন্ন প্লেকাৰ্ড লৈ মানৱ শৃঙ্খলা গঢ়ি ৰাজপথৰ দাতিত থিয় থাকে আৰু অখিল গগৈৰ মুক্তি বাবে চৰকাৰৰ ওচৰত দাবী জনায়৷ সন্থাৰ সদস্য সকলে জয় আই অসম , অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক , উন্নত চিকিৎসাৰ ব্যৱস্থা কৰক, বিজেপি চৰকাৰ হায় হায়! সৰ্বানন্দ সোণোৱাল লেই লেই ছেই ছেই , দেবাংগনা কলিতাক মুক্তি দিয়ক৷ বাংলাদেশীৰ দালাল হিমন্ত শৰ্মা গো বেক৷ আহৈ আহ ওলাই আহ! মোদি চৰকাৰ হায় হায়! অখিল গগৈ জিন্দাবাদ আদি শ্লোগান দি আকাশ বতাহ কপাই তোলে৷ মানৱ শৃঙ্খলা গঢ়ি প্ৰতিবাদ কৰাৰ পিছত বানপানীৰ স্হায়ী সমাধান, মথাউৰি মেৰামতি আৰু বানপীড়িত ৰাইজক উপযুক্ত সাহায্য, পশুধনৰ পৰ্যাপ্ত খাদ্যৰ দাবীত সংগঠনৰ কৰ্মী সকলে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে৷


অনুষ্ঠানৰ শেষত পাজাৰভাঙ্গা আঞ্চলিক কৃষক মুক্তিৰ সভাপতি নজৰুল ইছলাম আৰু সতেন ৰাইজে সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ মনৰ ভাব ব্যাক্ত কৰে৷ প্ৰয়োজনত আমি অখিল গগৈৰ মুক্তিৰ বাবে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তাক নিয়োগ কৰিব লাগিব৷ এই সংগ্ৰাম অকল কৃষক মুক্তি সংগঠনৰ নহয় এই সংগ্ৰাম মেহনতী জনতাৰ৷ চৰকাৰে যদি আমাৰ ভাষা বুজি নাপায় ইয়াতকৈ অধিক উত্তাল আৰু ব্যাপক আন্দোলন গঢ়ি তোলা হ’ব বুলি উল্লেখ কৰে৷

No comments:

Post a Comment

SPONSORED