মানাহৰ প্ৰকৃতি নীড় ল’জত নাৰীদেহৰ ৰমৰমীয়া বেহা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 25, 2020

মানাহৰ প্ৰকৃতি নীড় ল’জত নাৰীদেহৰ ৰমৰমীয়া বেহা

গোৱৰ্ধনা : মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা প্ৰকৃতি নীড় ল’জত দৈনিক সংঘটিত হয় নাৰীদেহৰ অবৈধ বেহা৷ এই ঘটনা পোহৰলৈ অহাৰ পাছতে সৃষ্টি হৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ ঘটনাত জড়িত দোষীক উপযুক্ত শাস্তি প্ৰদানৰ লগতে লজখন ছীল কৰাৰ দাবী জনাইছে বিভিন্ন ছাত্ৰ সংগঠনে৷ লকডাউনৰ সুযোগ লৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি লগা পৰ্যটক আবাসত চলিছে নাৰীদেহৰ অবৈধ বেহা৷


লজসমূহত বৰ্তমানে লকডাউনৰ বাবে পৰ্যটকৰ আহ-যাহ সম্পূৰ্ণ বন্ধ যদিও লোকচক্ষুৰ আঁৰত এচামে চলাইছে নাৰীদেহৰ ব্যৱসায়৷ য’ত সহযোগ কৰিছে ল’জত নিয়োজিত কৰ্মচাৰীয়ে৷ লজসমূহ বন্ধ থকাৰ মাজতে দিনৰ পোহৰতে প্ৰকৃতি নীড় নামৰ এই লজখনলৈ এইখন নাম্বাৰ প্লেটবিহীন বেলেনো গাড়ীত নৈশযাপনৰ বাবে আহিছিল দুই যুৱক আৰু তিনি যুৱতী৷ হিন্দু জাগৰণ মঞ্চৰ সদস্যৰ লগতে স্থানীয় লোকে ঘটনাৰ সম্ভেদ পাই লজখনত উপস্থিত হোৱাৰ পাছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি৷

দুইপক্ষৰ হতাহতিৰ মাজতে লজৰ ভাড়ালৈ লোৱা কোঠাটোৰ খিড়ীকি আৰু গ্লাচ ভাঙি ওলাই আহে তিনি অভিযুক্ত যুৱতী৷ ইয়াৰ পাছতে ঘটনাস্থলীত বাঁহবাৰী আৰু গোৱৰ্দ্ধনাৰ আৰক্ষী উপস্থিত হৈ কৰায়ত্ত কৰি থানালৈ লৈ যায় তিনি যুৱতী সহ দুই যুৱকক৷ এই ঘটনাই ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিভিন্ন মহলত৷ মানাহৰ একাংশ লজত প্ৰায়ে এনে ঘটনা চলি থকাৰো অভিযোগ উত্থাপন কৰিছে আছু, আক্ৰাছু আৰু এবছুই৷ আজি উক্ত চাৰি সংগঠনৰ নেতা কৰ্মীয়ে লজখন ছীল কৰাৰ বাবে প্ৰশাসনক দাবী জনোৱাৰ উপৰি ঘটনাত জড়িত দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনায়৷ ইতিমধ্যে এই সন্দৰ্ভত উক্ত ছাত্ৰ সংগঠনে বাঁহবাৰী আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ৷

No comments:

Post a Comment

SPONSORED