বৃন্দাবন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 26, 2020

বৃন্দাবন


✍ নীলাক্ষী তালুকদাৰ
আকাশৰ নীলা বোজা পিঠিত লৈ
সেউজীয়া পথাৰৰ বহণ চৰাবলৈ
নামঘৰ, ভাওনা, মণিকূটৰ ৰামধেনুত
নৱপ্ৰজন্ম গঢ়া
ৰং-চঙীয়া সপোনৰ পৰশ
এই মাটিৰ ধূলি বালিতেই
পূৱাৰ চিকুণ টোপনি
সোণালী কণ্ঠৰ ব্ৰজাৱলী ভাষা
ৰঙৰ পৰিধি চুই চাই
বৃন্দাবনত কাৰ বাঁহীত সাৰে যমুনা
যুগ-যুগান্তৰৰ কালজয়ী শিল্পীৰ বন্যা ।।


(আপুনি এই কবিতাটি পঢ়ি কেনে পালে? তলৰ কমেণ্ট বাকচত মতামত জনাবলৈ নাপাহৰিব৷ লগতে আপুনিও পঠিয়াব পাৰে আপোনাৰ প্ৰৱন্ধ, গল্প, কবিতা, চিন্তা ইত্যাদি৷ আমি প্ৰকাশ কৰিম আপোনাৰ মনৰ বতৰা৷
আপোনাৰ লেখাসমূহ প্ৰেৰণ কৰকঃ
ই-মেইল : sangbadprahari@gmail.com
নতুবা
হোৱাটচএপ : +917578801008)

No comments:

Post a Comment

SPONSORED