সংসাৰ চলাবলৈ পিতৃয়ে বিক্ৰী কৰিলে সদ্যোজাত কন্যা সন্তান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 25, 2020

সংসাৰ চলাবলৈ পিতৃয়ে বিক্ৰী কৰিলে সদ্যোজাত কন্যা সন্তান

কোকৰাঝাৰ : কোৰোণাৰ ফলত স্তব্ধ দেশ। দীৰ্ঘসময়ৰ ল’ক ডাউনে সমস্যাত পেলাইছে সাধাৰণ লোকক। বহুতে হেৰুৱাইছে কৰ্ম-সংস্থাপন। এই পৰিস্থিতিৰ পৰা দেশবাসীয়ে কেতিয়া পৰিত্ৰাণ পাই, তাৰ কোনো ঠিক নাই।


ল’ক ডাউনৰ ফলত সংসাৰ চলাবলৈ সমস্যাত পৰিছে বহুলোক। তেনে সময়তে নিজৰ সংসাৰ চলাবলৈ কোনো ফালে বাট নেদেখি এজন ব্যক্তিয়ে বিক্ৰী কৰি দিলে নিজৰ সদ্যোজাত কন্যা সন্তানক। এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে কোকৰাঝাৰত। দীপক ব্ৰহ্ম নামৰ এজন লোকে নিজৰ ১৫ দিনীয়া কন্যাক বিক্ৰী কৰি দিলে ৪৫ হাজাৰ টকাত। ঘটনাত জড়িত থকাৰ অপৰাধত দীপক আৰু দুগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। উদ্ধাৰ কৰা হৈছে শিশুটিক।

ল’ক ডাউনৰ সময়ত সংস্থাপন হেৰুৱালে দীপকে। আৰু সেইসময়তে জন্ম হ’ল এটি কন্যা শিশু।ইয়াৰ পূৰ্বেও দীপকৰ আছে এজনী কন্যা শিশু। দ্বিতীয়গৰাকী কন্যাৰ জন্মৰ পিছতে কন্যাক বিক্ৰী কৰি ৰোজগাৰৰ চিন্তা কৰে দীপকে। বহু চেষ্টা কৰিও কোনো কাম-কাজ নোপোৱাত দীপকে এই কাম। এনেদৰে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে দীপকে। আৰক্ষীয়ে এতিয়া ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

No comments:

Post a Comment

SPONSORED