- যিকোনো মুহূৰ্তত বেঁকীয়ে চিঙি সৃষ্টি কৰিব পাৰে ভয়াবহ বান
- বান পৰিস্থিতিৰ বুজ ললে যুৱনেতা শাজাহান আলী আহমেদ
বৰপেটাৰোড : মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ নাৰায়ণগুৰিৰ মথাউৰিলৈ বেঁকী নৈৰ তীব্ৰ ভাবুকি৷ যিকোনো মুহূৰ্তত বেঁকীয়ে চিঙিব পাৰে উক্ত মথাউৰিটো৷ মথাউৰিটো চিঙিলে বাক্সা-বৰপেটাৰ শতাধিক গাঁও বানৰ কবলত পৰাৰ প্ৰবল সম্ভাৱনাই দেখা দিছে৷ স্থানীয় ৰাইজে বাৰ বাৰ বিটিচি তথা অসম চৰকাৰক মথাউৰিটো ৰক্ষাৰ দাবী জনাই আহিছে যদিও এইক্ষেত্ৰত চৰকাৰীভাবে কোনো ধৰণৰ ব্যৱস্থা হাতত নোলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ভূটানে এৰি দিয়া পানী আৰু নেৰানেপেৰা বৰষুণৰ ফলত বেঁকী নৈৰ জলপৃষ্ঠ ওফন্দি উঠিছে৷ সমান্তৰালকৈ দাঁতিকাষৰীয়া খাগ্ৰাবাৰী, চূণবাৰী, বিশপানী, এলেঙামাৰী, ননকে খাগ্ৰাবাৰী আদিত গৰাখহনীয়াইও কাল ৰূপ ধাৰণ কৰি নৈপৰীয়া ৰাইজলৈ বিপদ কঢ়িয়াই আনিছে৷ ইতিমধ্যে অঞ্চলটোৰ বহু পৰিয়াল গৰাখহনীয়াৰ কবলত পৰি ঘৰ মাটি হেৰুৱাই পথৰ দাঁতিত আশ্ৰয়ৰ বাবে হাহাকাৰ লগাইছে৷
No comments:
Post a Comment