অখিল গগৈ ক'ৰোণাত আক্ৰান্ত হয় নে নহয় তাক লৈ চৰকাৰে পৰিকল্পিতভাৱে ৰাইজক বিভ্ৰান্ত কৰিছে: অভিযোগ ছাত্ৰ মুক্তিৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, July 11, 2020

অখিল গগৈ ক'ৰোণাত আক্ৰান্ত হয় নে নহয় তাক লৈ চৰকাৰে পৰিকল্পিতভাৱে ৰাইজক বিভ্ৰান্ত কৰিছে: অভিযোগ ছাত্ৰ মুক্তিৰ

বৰপেটা : কৃষক নেতা অখিল গগৈ ক'ৰোণাত আক্ৰান্ত হৈছে নে নাই তাক লৈ চৰকাৰে পৰিকল্পিতভাৱে ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।


ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়- কাৰাবন্দী কৃষক নেতা অখিল গগৈ ক'ৰোণাত আক্ৰান্ত হৈছে নে নাই তাক লৈ চৰকাৰে আচলতে পৰিকল্পিতভাৱে ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে।

অখিল গগৈ, ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল কাৰাগাৰত অসুস্থ হৈ পৰা আৰু তেওঁলোকৰ গাত ক'ৰোণাৰ লক্ষণে দেখা দিয়াৰ খবৰ পোহৰলৈ অহাৰ পিছতেই বিগত কেইবাদিন ধৰি অসমৰ সকলো স্তৰৰ লোকৰ মাজত চৰকাৰৰ বিৰুদ্ধে সৃষ্টি হোৱা ব্যাপক ক্ষোভ প্ৰশমন কৰাৰ বাবে পৰিকল্পিতভাৱে এই বিভ্ৰান্তি সৃষ্টি কৰা হৈছে।

কাৰাগাৰত বন্দী হৈ থকা অৱস্থাত অখিল গগৈৰ দৰে জননেতা এজন ক'ৰোণাত আক্ৰান্ত হোৱাৰ নিশ্চিত খবৰে অসমৰ জনগণক যে চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহী কৰি তুলিব পাৰে সেই ভয়ত চৰকাৰে এই নাটক আৰম্ভ কৰিছে।

No comments:

Post a Comment

SPONSORED