চেঙাত অপৰিৱৰ্তিত বান পৰিস্থিতি : বানপীড়িতৰ কাষত সংবাদ প্ৰহৰী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 3, 2020

চেঙাত অপৰিৱৰ্তিত বান পৰিস্থিতি : বানপীড়িতৰ কাষত সংবাদ প্ৰহৰী

পালহাজীৰ পৰা সেখ ৰহমত উল্লাহ :
আজিও জলমগ্ন বৰপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ বৰপেটা তথা চেঙা বিধানসভা সমষ্টিৰ অৰ্ধ শতাধিক গাঁও৷ পালহাজী বৰপেটা সংযোগী আটাইকেইটা গড়কাপ্টানি পথৰ আধা অংশ পানীৰ তলত৷ আটাইবোৰ পথৰ ওপৰেদি বাগৰিছে পানী৷



ঠাই বিশেষে কৃষকৰ পকাধান পানীত বুৰ যোৱাত পানীৰ তলৰ পৰাই কাটিবলগীয়া হৈছে ধান৷ মানুহৰ ঘৰ দুৱাৰ বানে বুৰাই পেলোৱাৰ লগতে পশুধনৰ প্ৰতিও ভয়ঙ্কৰ ভাবুকি কৰিয়াই আনিছে এই বানে৷ শাওণৰ বাবে পৰা কঠীয়া বোৰো এতিয়া মাছ কাছৰ খাদ্যত পৰিণত হৈছে ৷ সেয়ে চৰকাৰলৈ ৰাইজৰ আহ্বান-
লকডাউন আৰু জেঠমহীয়া বানে ইতিমধ্যে কৃষকক পানীত হাঁহ নচৰা অৱস্থা কৰি থৈছে৷ হাজাৰ হাজাৰ মাছ উৎপাদনকাৰী কৃষকৰ পুখুৰীৰ পৰা মাছ পানীৰ সোঁতত ওলাই গৈছে৷
ইপিনে পালহাজী পকদহ কেওঁটকুছি গড়কাপ্তানি পথত নিৰ্মাণ চলিথকা দলং এখনক লৈ ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰি আছে ৷বানপানীৰ সোঁত দলংখনৰ তলেৰে যোৱাৰ পৰিবৰ্তে দলংৰ ওপৰেৰে বৈ যোৱাত ৰাইজে দলংখন আৰু ওখ কৰি দিয়াৰ বাবে চৰকাৰলৈ আহ্বান জনাইছে৷ চৰকাৰ বাহাদুৰ, জিলা প্ৰশাসন আৰু স্থানীয় বিধায়কে এইসকল বানপীড়িতৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰিবনে?

No comments:

Post a Comment

SPONSORED