গুৱাহাটী : এইবাৰ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ কথাত উভতি ধৰিলে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে| চাবুৱাত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য লুৰিণজ্যোতিৰ৷
গুৱাহাটীত মূল ক’ভিড কেৰীয়াৰজনেই হৈছে ড: হিমন্ত বিশ্ব শৰ্মা| যাৰ বাবে সাংবাদিক আৰু বিষয়াসকল কৰ’নাত আক্ৰান্ত হৈছে বুলি আক্ৰমণাত্মক মন্তব্য আগবঢ়ায় লুৰিণজ্যোতিয়ে| আছুৱে পিপিই কিট্ পৰিধান নকৰাকৈ চিকিৎসালয়ত শুশ্ৰুষা কৰক বুলি হিমন্ত বিশ্বই কোৱা মন্তব্যক আছুৰ সাধাৰণ সম্পাদকজনে উভতি ধৰে|
চাবুৱাৰ পৰাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লুৰিণজ্যোতি গগৈৰ প্ৰত্যাহ্বান| কৰ’নাক পুনৰ নাটক আখ্যা আছুৰ সাধাৰণ সম্পাদকজনৰ|
মণিপুৰৰ পৰা ঘূৰি অহাৰ পাছত নমুনা টেষ্ট নকৰাকৈ, কোৱাৰেণ্টাইনত নথকাকৈ,মাস্ক নিপিন্ধাকৈ মুকলিকৈ কিদৰে ঘূৰি ফুৰিছে স্বাস্থ্যমন্ত্ৰীজন| কিদৰে তেওঁলোকে জনসম্পৰ্ক অভিযান কৰিছে বুলিও লুৰিণজ্যোতিৰ মন্তব্য| পিপিই-কিট আনিবলৈ গৈ হিমন্ত বিশ্বই ফটো উঠি নাটক কৰি ফুৰিছে বুলিও মন্তব্য লুৰিণজ্যোতিৰ|
No comments:
Post a Comment