গোৱালপাৰা : গোৱালপাৰাত বান পৰিস্থিতি উন্নত হ’লেও অব্যাহত আছে বৰ লুইতৰ খহনীয়া৷ বান আৰু খহনীয়াৰ ফলত গোৱালপাৰা জিলাৰ ২ নং আৰু ৩ নং বলদমাৰী চৰৰ শতাধিক লোক গৃহহীন অস্থায়ী শিবিৰত আশ্ৰয়গ্ৰহণ কৰি আছে৷
মহামাৰী কৰোণা আৰু বানে ত্ৰাসৰ সৃষ্টি কৰাত সম্প্ৰতি ভয়ংকৰ খাদ্য সংকটে দেখা দিছে৷ সংবাদ প্ৰহৰীৰ সহযোগী সম্পাদক নয়ন আলীয়ে অঞ্চলটোৰ বুজ লৈ বান আৰু খহনীয়াত গৃহহীন হোৱা লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে৷ সংবাদ প্ৰহৰীৰ লগতে লদৌ অসম উকীল সন্থাৰ উপ-সভাপতি তথা সমাজসেৱক আমজাত আলী, বিশিষ্ট সাহিত্যিক-লেখক কেৰামত আলী শ্বেখেও ব্যক্তিগতভাৱে অঞ্চলটোৰ দুৰ্গত লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে৷
ইপিনে গোৱালপাৰাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাঙ্কৰ নাথেও গোৱালপাৰাৰ বান পৰিস্থিতিৰ বুজ লয়৷
No comments:
Post a Comment