মই জানো মানুহ হওঁ? - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 18, 2020

মই জানো মানুহ হওঁ?


✍ মাধুৰীমা বৰা

মই জানো মানুহৰ দৰে মানুহ হওঁ ?
শিক্ষাৰ কিমান ডিগ্ৰী থাকিলে
শিক্ষিত মানুহ বুলি কয় ?
কিমান টকা থাকিলে
ধনী মানুহ বুলি কয় ?
কিমান ক্ষমতা থাকিলে
জনতাৰ নেতা হ'ব পাৰে ?
কিমান দক্ষতা থাকিলে
মানুহে মানুহক "মানুহ" বুলি ভাৱে ?
মোৰতো তেনেকুৱা একোয়ে নাই !
আছে মাথোঁ সর্বস্বান্ত বানাক্রান্তৰ
অকল্পনীয় দুখ সহন কৰিব পৰা
এখন বিধ্বস্ত হৃদয় !
নিচলা শ্ৰমিকৰ ভাৰাক্রান্ত দুটি চকু !
পদপথত শুই থকা গৃহহাৰাৰ
কংকাল সদৃশ শৰীৰ !
মোৰ দেশৰ হেজাৰ বিজাৰ
নিবনুৱাৰ হতাশাগ্ৰস্তত
ওলমি থকা বির্বন এখনি মুখ !
এনেকৈ হয় জানো মানুহ ?

মই জানো নাৰীৰ দৰে নাৰী হওঁ ?
দেশৰ অগনন নিয্যার্তিতাৰ
বুকু ফালি ওলাই অহা
মইতো এক জ্বলন্ত অগ্নিশিখা !
ধৰ্ষিতা জীয়ৰী বোৱাৰীৰ
লজ্জাহীন অৱয়ব
দিৰিদ্রতাত পিষ্ট শিলৰ দৰে কঠিন
কমনীয়তাহীন মুখাৱয়ব !
কামাতুৰ পুৰুষৰ প্রতাৰিত
মইতো এতিয়া কামনাহীন
নিষ্পেষিত এটি শৰীৰ !
মইতো এতিয়া ভয়াবহ
এন্ধাৰত জ্বলি থকা
এক জ্বলন্ত অগ্নিশিখা !
মোৰ হাতৰ মুঠিত
বিপ্লৱৰ এক অগাধ সম্ভাৱনা !


(আপুনি এই কবিতাটি পঢ়ি কেনে পালে? তলৰ কমেণ্ট বাকচত মতামত জনাবলৈ নাপাহৰিব৷ লগতে আপুনিও পঠিয়াব পাৰে আপোনাৰ প্ৰৱন্ধ, গল্প, কবিতা, চিন্তা ইত্যাদি৷ আমি প্ৰকাশ কৰিম আপোনাৰ মনৰ বতৰা৷
আপোনাৰ লেখাসমূহ প্ৰেৰণ কৰকঃ
ই-মেইল : sangbadprahari@gmail.com
নতুবা
হোৱাটচএপ : +917578801008)

No comments:

Post a Comment

SPONSORED