হাউলীত কৃতী শিক্ষাৰ্থীক এআইইউডিএফ আৰু ইউডিএছএফ'ৰ সম্বৰ্ধনাঃ আজমল ফাউণ্ডেশ্বনে লব শিক্ষাৰ দায়িত্ব - SANGBAD PRAHARI

Breaking

Responsive Ads Here

July 18, 2020

হাউলীত কৃতী শিক্ষাৰ্থীক এআইইউডিএফ আৰু ইউডিএছএফ'ৰ সম্বৰ্ধনাঃ আজমল ফাউণ্ডেশ্বনে লব শিক্ষাৰ দায়িত্ব

বৰপেটা : সদ্য ঘোষিত চিবিএছচি'ৰ অধীনস্থ এইচ এছ চুড়ান্ত পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক শুকুৰবাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ইউ ডি এছ এফ'ৰ কেন্দ্ৰীয় সমিতি,বৰপেটা জিলা সমিতি অাৰু এ আই ইউ ডি এফ দলে। 

বৰপেটা জিলা তথা সদৰ সমষ্টিৰ হাউলীৰ মৈৰামাৰা ৩ নং ৱাৰ্ডৰ বাসিন্দা তথা প্ৰাক্তন বি এছ এফ'ৰ বিষয়া আব্দুল মোতালিবৰ কন্যা মাৰুফা আকতাৰে জিলাখনৰ অন্তৰ্গত সৰভোগৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ পৰা চিবিএছচিইৰ অধীনস্থ এইচ এছ চুড়ান্ত পৰীক্ষাত ৯১ শতাংশ নম্বৰ লাভ কৰি হাউলীৰ লগতে জিলাখনলৈ গৌঢ়ৱ কৰিয়াই আনিবলৈ সক্ষম হয়।

সম্প্ৰতি এই কৃতিত্বৰ বাবে বৰপেটা জিলা এ অাই ইউ ডি এফ'ৰ মুখ্য আহ্বায়ক মুফতি শ্বামছ উদ্দিন আহমেদ আৰু ইউ ডি এছ এফ'ৰ কেন্দ্রীয় উপ-সভাপতি মফিদুল ইছলামে ছাত্রী গৰাকীক কলম, কিতাপ জাপি আৰু ফুলাম গামুচাৰে সম্ভৰ্ধনা জ্ঞাপন কৰে। কৃতী ছাত্ৰীগৰাকীৰ বৰপেটা জিলাৰ হাউলীস্থিত নিজ বাসভৱনত অনুষ্ঠিত উক্ত সম্বৰ্ধনা পৰ্বত সংগ দিয়ে জিলকত আলী, নাজমুল হক, শ্বৰিফুল ইছলাম, জয়নুদ্দিন আহমেদ, আৰিফ খান, হাইদৰ আলী, জাহিদুল ইছলাম, মাইনুদ্দিন আহমেদ, শ্বহিদুল ইছলাম, শ্বাহানুৰ শিকদাৰ, আলম দেৱান, মাইনুৰ ৰহমান, কামাল উদ্দিন, নুৰুল হক, ছানিদুল ইছলাম, ফকৰ উদ্দিন, ফাৰুক,খান, হাচিবুল হক আদি কৰি বহুতো কৰ্ম-কৰ্তা। উল্লেখ্য যে, অনাগত দিনত কৃতী ছাত্ৰীগৰাকীৰ উচ্চ শিক্ষাৰ দায়িত্ব আজমল ফাউণ্ডেশ্বনে গ্ৰহন কৰিব বুলি সংগঠণটোৰ নেতৃবৃন্দই আশ্বাস প্ৰদান কৰে।

No comments:

Post a Comment

SPONSORED